পোষণ মাহ উপলক্ষে মৈৰামাৰা আৰু হাতীজানা অঙ্গনবাড়ী কেন্দ্ৰত ৰান্ধনিশালৰ বাগিছা স্থাপন

পোষণ মাহ উপলক্ষে মৈৰামাৰা আৰু হাতীজানা অঙ্গনবাড়ী কেন্দ্ৰত ৰান্ধনিশালৰ বাগিছা স্থাপন*                                  বৰপেটা/ হাউলী,  ২৪ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বৰপেটা জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত যোৱা ১৫ ছেপ্তেম্বৰৰ দিনা মৈৰামাৰা এ চক্ৰৰ অন্তৰ্গত ২৬০ নং মৈৰামাৰা দক্ষিণ আৰু মৈৰামাৰা বি চক্ৰৰ অন্তৰ্গত ১১৯ নং হাতীজানা অংগনৱাড়ী কেন্দ্ৰ দুটাত দুখন ৰান্ধনীশালৰ বাগিচাৰ উদ্বোধন কৰা হয়। মুখ্য সেৱিকা  গিনীমা দাস , কল্পনা দাস আৰু পোষণ অভিযানৰ খণ্ড সমন্বয়ক বিভু ৰঞ্জন ভৰালীৰ তত্ববধানত অনুষ্ঠিত হোৱা এই পোষণ বাগিছা দুখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া মহেন্দ্ৰ অধিকাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে   সীমা, শুল্ক আৰু কেন্দ্ৰীয় উৎপাদন শুল্ক বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হজৰত আলী আহমেদ, নীতি আয়োগৰ অধীনত কৰ্মৰত পিৰামল ফাউণ্ডেচনৰ  জিলা ৰূপান্তৰ প্ৰবন্ধক জাকিৰ হুছেইন, খণ্ড ৰূপান্তৰ বিষয়া কাকলি ৰাণী দেৱী আদি। এই অনুষ্ঠানত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা সকলে লগহৈ  পুষ্টিকৰ খাদ্য সামগ্ৰীৰ এখন মেলাও পাতে। উদ্ধোধক প্ৰকল্প বিষয়াই এই পোষণ বাগিছা দুখনৰ উপকাৰিতা সমূহ  সুন্দৰভাৱে বুজাই  দিয়াৰ লগতে এই দুয়োখন বাগিছা সুচাৰুভাৱ চলাই নিবৰ বাবে  কৰ্মী সকলক আহ্বান জনায় । পিৰামল ফাউন্দেচন ৰ পৰা অহা বিষয়া দুগৰাকী য়ে দুৰ্বল শিশু চিনাক্ত কৰাৰ বাবে ৰ্কমী সকলক পৰাৰ্মশ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা