ফিউজনৰ বানপিড়িত এলেকাৰ ৰাইজৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ
বানপিড়িত এলেকাৰ ৰাইজৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,৭ ছেপ্তেম্বৰ: বিশ্বনাথ চাৰিআলিৰ মাইক্ৰ’ফাইনেঞ্চৰ কোম্পানী ফিউজন মাইক্ৰ’ফাইনেঞ্চ প্ৰাইভেট লিমিটেডে বিশ্বনাথ সমষ্টিৰ চতিয়াৰ দক্ষিণাঞ্চলৰ বানপিড়িত এলেকাৰ ৰাইজৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণৰ এক প্ৰয়াস গ্ৰহণ কৰিছে৷এই প্ৰয়াসৰ অংশস্বৰূপেই কালি চতিয়াৰ বানপিড়িত অঞ্চল টেৱাৰীপালত ফিউজন মাইক্ৰ’ফাইনেঞ্চ প্ৰাইভেট লিমিটেডৰ বিশ্বনাথ চাৰিআলি শাখাই সাহাৰ্য সামগ্ৰী বিতৰণ কৰে৷কোম্পানীটোৰ বিশ্বনাথ চাৰিআলি শাখাৰ শাখা প্ৰবন্ধক জিতুমণি কাকতি উপস্থিত থকা সাহাৰ্য সামগ্ৰী বিতৰণ কাৰ্যসুচীত অঞ্চলটোৰ ৪০টা দৰিদ্ৰ পৰিয়ালক সাহাৰ্য সামগ্ৰী বিতৰণ কৰে৷বানপিড়িত পৰিয়ালৰ মাজত চাউল,দালি,আলু,চেনী,মিঠাতেল,নিমখ,মমবাতি,বিস্কুট,চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ একো একোটা টোপোলা বিতৰণ কৰে মাইক্ৰফাইনেঞ্চৰ শাখা কাৰ্যালয়টোৱে৷বানপিড়িত লোকসকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কাৰ্যসুচীত শাখাটিৰ জ্যেষ্ঠ সমন্বয়ক কমল ডেকা,সমন্বয়কদ্বয় ক্ৰমে দীপাংকৰ হাজৰিকা আৰু হেমন্ত মিচংও উপস্থিত আছিল৷
জোন বৰা,জামুগুৰিহাট।
Comments
Post a Comment