ৰঙিয়াত কোভিটত আক্ৰান্ত হৈ প্ৰধান শিক্ষক ৰজনী ডেকাৰ মৃত্যুঃ অঞ্চলজুৰি শোকৰ ছাঁ,

ৰঙিয়াত কোভিটত আক্ৰান্ত হৈ প্ৰধান শিক্ষক ৰজনী ডেকাৰ মৃত্যুঃ অঞ্চলজুৰি শোকৰ ছাঁ, 

প্ৰতিবেদক, ৰঙিয়া , ২৭ ছেপ্টেম্বৰঃ ৰঙিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে  কোভিটত আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যু। এতিয়ালৈ ৰঙিয়াৰ ছজন লোকে কোভিটত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে। ৰঙিয়া গৰিয়াকোঠ  নিবাসী ৰজনী ডেকাৰ কোভিটত আক্ৰান্ত হৈ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হয়।জামতোলাৰ ফকিৰতোলা প্ৰাথমিক বিদ্যালয়ত ১৯৮০ চনৰ পৰা প্ৰধান শিক্ষক হিচাপে সেৱা আগবঢ়োৱা  প্ৰয়াত ডেকাৰ মৃৃত্যুৰ সময়ত বয়স হৈছিল ৫৭ বছৰ।  বিগত এপষেক পূৰ্বে মধুমেহ আৰু হাপানী ৰোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি হোৱা ডেকাৰ দেহত  কোভিটৰ সংক্ৰমণ নিশ্চিত হয়। প্ৰায় পোন্ধৰ দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ডেকাৰ যোৱা নিশা প্ৰায় নবজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও তিনিগৰাকী কন্যা আৰু এজন লৰাক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। আজি কোভিটৰ নীতি নিয়মৰ মাজেৰে পৰিয়ালৰ সদস্যৰ উপস্থিতিত গুৱাহাটীত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা