ৰাইজৰ দলৰ শিৱসাগৰ নগৰ মহল পঞ্চায়ত সমিতিৰ সাংগঠিনক সম্পাদকক হত্যাৰ সন্দেহ*

*ৰাইজৰ দলৰ শিৱসাগৰ নগৰ মহল পঞ্চায়ত সমিতিৰ সাংগঠিনক সম্পাদকক হত্যাৰ সন্দেহ*
আমাৰ চিঞৰ শিৱসাগৰ: ৰাইজৰ দলৰ শিৱসাগৰ নগৰ মহল পঞ্চায়ত সমিতিৰ নৱ নিৰ্বাচিত সাংগঠনিক সম্পাদক তথা ব্যৱসায়ী আব্দুল গণিৰ কালি এক সন্দেহজনক পথ দুৰ্ঘটনাত মৃত্যু হয়। গণিক আচলতে পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ব্যৱসায়ীক লেন-দেনৰ বাবেই ব্যৱসায়ীজনক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে কালি নিশা ৯'৩০ বজাত শিৱসাগৰৰ জয়ৰাপাৰ দেওবিল  প্ৰাথমিক বিদ্যালয়ৰ সমীপত সংঘটিত হৈছিল এক ৰহস্যজনক পথ দুৰ্ঘটনা। গণিৰ তিনি বন্ধু লাকুৱাৰ কংকন বৰগোঁহাই , প্ৰকাশ বৰগোঁহাই আৰু বিশ্বজিৎ বৰাৰ লগত পথৰ দাঁতিত বহি কথা পাতি থকা অৱস্থাতে এখন অচিনাক্ত বাহনে খুন্দিয়াই আব্দুল গণিক। কিন্তু লক্ষ্যণীয়ভাবে তিনি বন্ধু কিঞ্চিতো আঘাতপ্ৰাপ্ত নোহোৱাৰ বিপৰীতে মূৰ , পেট আৰু ভৰিত আঘাত পাই আব্দুল গণিয়ে । গুৰুতৰভাবে আঘাত প্ৰাপ্ত আব্দুল গণিৰ ঘটনাস্থলীতে মৃত্যু হয়। ইফালে দূৰ্ঘটনা সংঘটিত কৰি বাহনখনে নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হোৱাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা তিনি বন্ধুৱে কি গাড়ীয়ে দূৰ্ঘটনাতো সংঘটিত কৰিলে সেয়াও নাজানো বুলি কোৱাত জনসাধাৰণৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে। আনহাতে ঘৰৰ পৰা ব্যৱসায়ীক কামত  আব্দুল গণিয়ে লৈ যোৱা ডেৰ লক্ষাধিক টকা আৰু এটা iPhone সহ দুটা ম'বাইলৰো বৰ্তমানলৈকে সন্ধান নোলোৱা বিষয়টোৱে ঘটনাটো অধিক ৰহস্যময় কৰি তুলিছে ।
ইয়াৰোপৰি দূৰ্ঘটনাস্থলীৰ পৰা   দুই কিলোমিটাৰ দূৰত্বত মৃত আব্দুল গণিৰ মটৰ চাইকেল উদ্ধাৰ হোৱা কথাটোৱেও গোটেই বিষয়টো ৰহস্যঘন কৰি তুলিছে । কি পৰিস্থিতিত দুই কিলোমিটাৰ নিলগত মটৰ চাইকেল থৈ দূৰ্ঘটনাস্থলীলৈ আব্দুল গণি আহিব লগা হ'ল সেয়াও লক্ষ্যনীয় বিষয় হিচাপে বিবেচিত হৈছে ।
ইফালে এয়া দূৰ্ঘটনা নহয় ,পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে আব্দুল গণিৰ আত্মীয়ই । এই সম্পৰ্কত ব্যৱসায়ীজনৰ আত্মীয়ই শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত
এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষী থানাত ১০৪৯/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২,১২০(বি) আৰু ৩৮৭ ধাৰাত গোচৰ ৰুজু কৰাৰ লগতে  আব্দুল গণিৰ তিনি বন্ধু চৰাইদেউ জিলাৰ লাকুৱাৰ কংকন বৰগোঁহাই , প্ৰকাশ বৰগোঁহাই আৰু শিৱসাগৰৰ বানমুখৰ বিশ্বজিৎ বৰা ওৰফে বাবু নামৰ যুৱক তিনিজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। ইফালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত আব্দুল গণিৰ জানাজা শিৱসাগৰ বনিয়াবাৰী ৰাজহুৱা কৱৰস্থানত সম্পন্ন কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তইহে স্পষ্ট কৰিব এয়া পৰিকল্পিত হত্যা নে দূৰ্ঘটনা। সৰবৰহী যুৱকজনৰ মৃত্যুত শিৱসাগৰত  শোকৰ ছাঁ পৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা