বঙাইগাঁও জিলাবাসীক সুচিকিৎসা সেৱা আগবঢ়াবলৈ জিলা প্ৰশাসন- স্বাস্থ্য বিভাগৰ পদক্ষেপ

উপায়ুক্তই সংবাদ মেল পাতি অৱগত কৰিলে জিলাখনত বৰ্তমান উপলব্ধ চিকিৎসা সেৱাৰ সা- সুবিধাৰ সবিশেষ তথ্য  

ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ ফোন নম্বৰ মুকলি

বঙাইগাঁৱৰ বিশেষ প্ৰতিনিধিঃ ৩ ছেপ্টেম্বৰ :  বঙাইগাঁও জিলাৰ চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে ৰাইজক সুচিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দীৰ্ঘদিন ধৰি জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক - নাৰ্চ তথা স্বাস্থ্য কৰ্মী আদিৰ অভাৱৰ বাবে ৰাইজে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে সুচিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ ওচৰ চাপিবলগীয়া হৈছিল ৷ কিন্তু শেহতীয়াভাৱে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক - নাৰ্চ তথা অন্যান্য সুবিধাসমূহ উপলব্ধ কৰিছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে পৰাপক্ষত এজন ৰোগীক যাতে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া নহয় তাৰ প্ৰতি অধিক গুৰুত্বাৰোপ কৰিছে ৷ লগতে ইয়াৰ বাবে জিলা অসামৰিক চিকিৎসালয়খনত প্ৰয়োজনীয় সকলো সা- সুবিধা উপলব্ধ কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ সেইদৰে জিলাখনত শিশু আৰু গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰতো গুৰুত্বাৰোপ কৰিছে ৷ ইপিনে বঙাইগাঁও জিলাত বৰ্তমান উপলব্ধ চিকিৎসা সেৱাৰ সবিশেষ তথ্য ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই এখন সংবাদ মেলৰ আয়োজন কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদ মেলত জিলা উপায়ুক্তগৰাকীয়ে সম্প্ৰতি বঙাইগাঁও  জিলাৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়,  ৰাজ্যিক চিকিৎসালয়, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আদিকে ধৰি মুঠ ৩৪খন চিকিৎসালয়ত থকা সা-সুবিধা তথা কিমান সংখ্যক চিকিৎসক আছে সেয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ প্ৰয়াস কৰে।উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে আজিৰ তাৰিখত বঙাইগাঁও জিলাত যিমান সংখ্যক চিকিৎসক থাকিব লাগে সিমানেই আছে  ৷ তেওঁ কয় যে বৰ্তমান জিলাখনৰ চিকিৎসালয়সমূহত সৰ্বমুঠ ১১৭ গৰাকী চিকিৎসক আছে। তাৰে ভিতৰত দুজন মেডিচিন বিশেষজ্ঞ , ৩ গৰাকী শৈল্য চিকিৎসক, ৮ গৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, ৩ গৰাকী শিশুৰোগ বিশেষজ্ঞ , এজন মানসিক ৰোগ বিশেষজ্ঞ, দুজন কাণ-নাক আৰু ডিঙি বিশেষজ্ঞ , ৪ গৰাকী চকু বিশেষজ্ঞ , এজন ৰেডিঅ'লজিষ্ট , ৫ গৰাকী দন্ত চিকিৎসক ,এজন অৰ্থপেডিক , ৪ গৰাকী এনাচথেছিয়া বিশেষজ্ঞ আৰু ৮৩ গৰাকী জেনেৰেল চিকিৎসক আছে। অনহাতে ষ্টাফ নাৰ্চ ১৪১ গৰাকী আৰু এ এন এম নাৰ্চ ১৭২ গৰাকীয়ে বঙাইগাঁৱৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই আছে। একেদৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এতিয়া আই চি ইউ, আভ্যন্তৰীণ মেডিচিন, শৈল্য চিকিৎসা, প্ৰসূতি আৰু স্ত্ৰীৰোগ  চিকিৎসা, চকু চিকিৎসা, শিশুৰোগ চিকিৎসা সেৱা, অৰ্থপেডিক চিকিৎসা, মানসিক ৰোগৰ চিকিৎসা, দন্ত চিকিৎসা, কাণ - নাক আৰু ডিঙি ৰোগৰ চিকিৎসা, পেথ'ল'জি আৰু লেবৰেটৰী সেৱা, চিটি স্কেন আৰু এক্সৰে সেৱা, আল্ট্ৰা চ'নগ্ৰাফী, ডি ই আই চি, ডায়েলাইচিচ, নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেন্টাৰ, টীকাকৰণ, পি পি টি চি টি( এচ টি ডি- আই চি টি চি), ব্লাড বেংক, মৰণোত্তৰ পৰীক্ষা, ফাৰ্মাচী, এচ এন চি ইউ অৱ পেডিয়াত্ৰিকচ্ , এ বি- পি এম জে এ ৱাই, অমৃত ফাৰ্মাচী, এন চি ডি, যক্ষ্মা, পৰামৰ্শদান, বিনামূলীয়া ড্ৰাগছ সেৱা আদি সেৱা আগবঢ়াই থকা হৈছে। উল্লেখ্য যে  বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে ২৫১ খন বিচনা আছে আৰু ইয়াৰে ভিতৰত ২০ বিচনা আই চি ইউ কক্ষত আৰু ১৮খন বিচনা এচ এন চি ইউত আছে। সেইদৰে অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ বাবে ৩৮খন বিচনা থকাৰ বিপৰীতে বিদ্যাপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৩০খন ,বইটামাৰী আদৰ্শ চিকিৎসালয়ত ৭০খন আৰু মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ৬১খন বিচনা আছে । ইপিনে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ এটা ফোন নম্বৰ মুকলি কৰা হৈছে ৷ ৬৯০১৭৮৭১১১ নম্বৰৰ এই ফোন নম্বৰটোত যোগাযোগ কৰি ৰাইজে চিকিৎসা সম্পৰ্কীয় বিতং তথ্য লাভ কৰিব ৷ একেদৰে ২৪ ঘণ্টাৰ বাবে দুখন এম্বুলেন্স ব্যৱহাৰৰ বাবে আছে ৷ সেইদৰে জিলাখনত ১০৮ এম্বুলেন্স আছে ২৩ খন ৷ আটাইকেইখন ব্যৱহাৰযোগ্য অৱস্থাত আছে ৷ জিলা উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্ট আহি পাইছে ৷ কিছুদিনৰ ভিতৰতে কাৰ্যক্ষম হৈ উঠিলে অক্সিজেনৰ অভাৱ দূৰ হ'ব ৷ তেওঁ জিলাবাসীক সকলো ধৰণৰ সুচিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বঙাইগাঁও অসামৰিক চিকিৎসালয় সাজু বুলিও কয় ৷ লগতে শিশু - গৰ্ভৱতী মহিলা তথা সকলোকে যি কোনো ৰোগত আক্ৰন্ত হলে ফাৰ্মাচী আদিৰ ওচৰ নাচাপি চিকিৎসালয়লৈ আহি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ জিলা উপায়ুক্তগৰাকীয়ে কয় যে ৰোগী এজনে চিকিৎসকৰ ওচৰলৈ নাহি ফাৰ্মাচীৰ পৰা ঔষধ খোৱাৰ ফলত মৃত্যুক সাৱতি ল'বলগীয়া হৈছে ৷ আনকি শিশুৰো মৃত্যু হৈছে ৷ তেওঁ জিলাখনৰ বভিন্ন স্থানত গঢ়ি উঠা অবৈধ ফাৰ্মাচীসমূহৰ বিৰুদ্ধে  অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেবা সঞ্চালকক নিৰ্দেশ দিয়ে ৷ ইপিনে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অহা লোকসকলে যাতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে চিকিৎসালয়খনত সহায়তা কেন্দ্ৰ মুকলি কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় ৷ জিলা উপায়ুক্তগৰাকীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়খনৰ জৰিয়তে জিলাবাসীৰ লগতে চুবুৰীয়া জিলাৰ ৰোগীকো সুচিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সকলো দিশৰ পৰা কাৰ্যক্ষম বুলি কয় ৷ ইপিনে জিলাখনত ক'ভিডৰ সংক্ৰমণ হ্ৰাস পালেও একেবাৰে শেষ হোৱা নাই ৷ পুনৰ তৃতীয় ঢৌৰ বাবে সাজু হ'ব লাগিব ৷ সেয়ে জিলাবাসীক ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাই তেওঁ কয় যে ইতিমধ্যে আমি জিলাখনৰ বিভিন্ন চিকিৎসালয়সমূহক উন্নীতকৰণৰ কাম আৰম্ভ কৰি প্ৰয়োজনীয় সা- সুবিধা উপলব্ধ কৰাৰ ব্যস্থা গ্ৰহণ কৰিছো ৷ সংবাদ মেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,  বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক আদি উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা