# নগাঁৱত বাইকৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী#

# নগাঁৱত বাইকৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ হাতীপাৰাত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাইকেল আৰোহী এজন কিশোৰ থিতাতে নিহত হয় ৷ ঘটনাৰ বিৱৰণী মতে, জুৰীয়াৰ জুকাটি বজাৰ দিশে তীব্ৰ বেগত আহি থকা এ এছ-০২-এ এফ ১১০৯ নম্বৰৰ মটৰ চাইকেলখনে বিপৰীত দিশৰ পৰা আহি থকা এখন চাইকেলত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত চাইকেল আৰোহী হুজনুৰ আলম নামৰ ১২ বছৰীয়া কিশোৰজন ঘটনাস্থলীতে নিহত হয় ৷ পিছত ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে, দুৰ্ঘটনাটো সংঘটিত কৰা মটৰ চাইকেলখনৰ আৰোহী যুবকজনো দুৰ্ঘটনাটোত গুৰুত্বৰভাবে আঘাত পাই বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা