বিপদজনক অৱস্থাত নাজিৰাৰ সত্তৰ দশকতে নিৰ্মাণ হোৱা দিখৌ দলং*

*বিপদজনক অৱস্থাত নাজিৰাৰ সত্তৰ দশকতে নিৰ্মাণ হোৱা দিখৌ দলং*

নাজিৰাৰ দিখৌৰ দলং প্ৰায় ৭০ দশকতে নিৰ্মাণ হৈছিল ৷ সম্প্ৰতি দলং খনৰ ওপৰত বিপদজনক ভাবে ওলাই আছে ৰড্‌ লগতে দ দ গাঁতৰ দৰে হ'ব ধৰিছে ৷ ফলত দিখৌৰ দলঙেৰে যাতায়াত কৰোতে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় ৷

অ'এন জি চিৰ বুজন পৰিমাণৰ গাড়ীৰ লগতে শিল-কয়লা পৰিবাহী গধুৰ গধুৰ যানবাহন দৈনিক চলাচল কৰে নাজিৰা দিখৌ দলংৰ ওপৰেদি ৷
ধোদৰ আলিৰ ওপৰত থকা উক্ত দলংখন গড়কাপ্তানি বিভাগে  মেৰামতি কৰে যদিও পুনৰ শোচনীয় হৈ পৰে ৷ কোনো স্থায়ী সমাধান সূত্ৰ আজিলৈকে উলিওৱা দেখা পোৱা নাই,  কোনো মন্ত্ৰীৰ আগমনৰ খবৰ পাই কেতিয়াবা মাটি দি দলঙৰ গাঁত আৰু বিপদজনক ভাবে ওলাই থকা ৰড্‌ সমূহ লুকুৱাই দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই |

ৰং-তেল দি ওপৰৰ ভাগ দেখনিয়াৰ কৰে যদিও দলংখনৰ উপযুক্ত নিৰ্মাণ নহয় কিয় ? এইয়া ৰাইজৰ প্ৰশ্ন ৷
প্ৰায়ে দল-সংগঠনে দলংখনৰ নিৰ্মাণৰ বাবে আন্দোলন কৰে ৷ তথাপিও গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ ৷ নাজিৰাবাসী ৰাইজে কেতিয়া এখন নতুন দলং পাই তাৰ বাবে আশাৰে বাট চাই আছে পৰিবৰ্তন গামী চৰকাৰৰ পৰা |

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা