গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ভক্তিৰ নিজৰা≈≈হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ ওপজাভূমি

# গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ভক্তিৰ নিজৰা≈≈হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ ওপজাভূমি #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি আজি উদযাপন কৰা হয় অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৩ তম্ তিৰোভাৱ তিথি ৷ সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গুৰুজনাৰ পবিত্ৰ জন্মভূমিৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানতো পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় । আচলতে প্ৰতি বছৰে পৰম্পৰাগতভাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি "গুৰু কীৰ্তন" উৎসৱ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় । তদ্ৰুপ এইবাৰো কৰ’না সৃষ্ট দোমোজাময় পৰিবেশৰ মাজতে ধৰ্মীয় ৰীতি-নীতি তথা পৰম্পৰা ৰক্ষা কৰি নাম কীৰ্তন, প্ৰসংগৰ মাজেৰে অনুষ্ঠিত হয় এই গুৰু কীৰ্তন । সেই অনুসৰি কালি গুৰু কীৰ্তনৰ গন্ধোৎসৱ উপলক্ষে ৰাম ধেমালি, বাহাৰ নাচৰ আদি বিভিন্ন অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নামৰ পাছত আই সকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া কীৰ্তন, ঘোষা কীৰ্তন আদিৰ লগতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত কৰাৰ বিপৰীতে বিয়লি নাটঘৰত পৰম্পৰাগত 'ভোজন বেহাৰ' ভাওনা গীত মাত গাই পৰম্পৰা ৰক্ষা কৰা হয়। ইফালে, গুৰু কীৰ্তন উপলক্ষে পুৱাৰে পৰা বটদ্রৱা থানত এক আধ্যাত্মিক পৰিবেশৰ সূচনা হোৱা দেখা যায়। কিয়নো বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-বৈষ্ণবে হৰি নাম কীৰ্ত্তনেৰে মুখৰিত কৰি তোলে বটদ্ৰৱা থানৰ চৌপাশ । ফলত ভকত বৈষ্ণৱৰ হৰি নাম কীৰ্ত্তনত দ্বিতীয় বৈকুণ্ঠপুৰিত পৰিনত হয় গুৰুজনাৰ পবিত্ৰ জন্মভূমি ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা