লাহৰীঘাট ৭জনকৈ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ।

লাহৰীঘাট ৭জনকৈ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ।

-লাহৰীঘাটত চাইবাৰ ক্ৰাইমত জড়িত ৭টা কৈ অপৰাধী গ্ৰেপ্তাৰ ।লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ  তৎপৰতাত লাহৰীঘাটত অব্যাহত থকা চাইবাৰ ক্ৰাইমৰ চক্ৰটোৰ ৭টাকৈ অপৰাধীক কালি ধোৱামাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে । ইয়াৰ লগতে ১০৭ টা চীম কাৰ্ড,মবাইল চেট ১০ টা আধাৰ কাৰ্ড ২টা , পান কাৰ্ড ২টা চুইফ মেচিন ১টা ,এ টি এম কাৰ্ড ১০ টা আৰু বেংক পাচ বুক জব্দ কৰে ।গ্ৰেপ্তাৰ কৰা অপৰাধী কেইজন হল জয়নুল হক , মোছাৰফ ইছলাম ,আছাদুল ইছলাম , ৰছিদুল হক ,ফেৰদুছ আলম, ইৰশ্বাদ পাৰভেজ আৰু ছাদ্দাম হুছেইন ।এই চাইবাৰ অপৰাধী কেইজনে মবাইলত বিভিন্ন ধৰণৰ এপচ ব্যৱহাৰ কৰি বিভিন্ন জন ব্যক্তিৰ নামত ভূৱা আধাৰ কাৰ্ড আৰু চিমকাৰ্ড ব্যৱহাৰ কৰি  লোণ লোৱাৰ দৰে ঘটনা সংঘটিত কৰি আহিছে ।এই চক্ৰটোৱে এপচ ব্যৱহাৰ কৰি আনৰ নামত আধাৰ কাৰ্ড পৰ্যন্ত বনাব পাৰে । 
এই বৃহৎত ছাইবাৰ অপৰাধী কেইজনক আৰক্ষীয়ে আটক কৰি আজি লাহৰীঘাট আৰক্ষীয়ে C/No -596/21 U/S-120(b)/419/420/468/471/34 অধীনত R/W sec- 66( c)66(D)It act জেল হাজতলৈ প্ৰেৰক কৰে
লাহৰীঘাটৰ পৰা আফতাপ  হুছেইনৰ প্ৰতিবেদন
Date-09/09/2021

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা