মাজুলীত চক্ৰবেহুত সোনোৱাল

মাজুলীত চক্ৰবেহুত সোনোৱাল

ষ্টাফ ৰিপোৰ্টাৰ : মাজুলীৰ নিমাতীঘাটৰ নাঁও দূৰ্ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ অভ্যন্তৰত লৱীকেন্দ্ৰিক ৰাজনীতিৰ চিকাৰ হ'বলৈ গৈ আছে নেকি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্ৱানন্দ সোনোৱাল? এই প্ৰশ্নই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চাৰ সৃষ্টি কৰিছে। নিমাতীঘাটৰ নাঁও দূৰ্ঘটনাৰ বাবে দলং নোহোৱাটোক দায়ী কৰিব খুজি ৰাজ্যৰ এটা চামে প্ৰচাৰ চলাই গৈছে। এই চামৰ মতে দুবাৰকৈ আধাৰশিলা স্থাপনৰ পিছতো কিয় দলং নিৰ্মাণৰ কাম আৰম্ভ নহ'ল? মাজুলীৰ বিধায়কৰূপেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোনোৱালে বহুবাৰ সভাই সমিতিয়ে নিজেই কৈ আহিছে দলঙৰ কথা। কিন্তু তাৰ পিছতো তেঁওৰ দিনৰ নিৰ্মানেই আৰম্ভ নোহোৱা কথাটোক লৈ সেয়া তেঁওৰ ব্যৰ্থতা আৰু ৰাজনৈতিক কৌশল বুলি প্ৰচাৰ চলোৱা হৈছে। খোদ মুখ্যমন্ত্ৰী হৈ থকা মাজুলীৰ বিধায়ক সোনোৱালৰ দিনত কেনেদৰে অসাধু লেচীয়ে মাজুলীত দপদপাই অাছিল, আভ্যন্তৰীন জল পৰিবহন বিভাগৰ অত্যাধুনিক জাহাজ নচলাই চৰকাৰী নীতি নিয়ম ভৰিৰে ঠেলি কেনেদৰে এক ইঞ্জিনযুক্ত মাৰনাঁওৰে অত্যধিক যাত্ৰী কঢ়িয়াই সোনোৱালৰ ভোটদাতা মাজুলীবাসীৰ জীৱনক লৈ হেতালি খেলা হৈছিল এনে প্ৰশ্নবোৰক লৈ এতিয়া যে সোনোৱালক ৰাজনৈতিক জালত পেলাবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি সচেতন মহলত চৰ্চা চলিছে। তাতে আকৌ আভ্যন্তৰীন জলসম্পদ বিভাগৰ মন্ত্ৰীৰূপে দীৰ্ঘদিনৰ পৰা সোনোৱালৰ ঘনিষ্ঠ চন্দ্ৰমোহন পাটোৱাৰী দায়িত্বত আছিল। তেনেক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল নিজ সমষ্টিতে ব্যৰ্থ হোৱা বিষয়টো প্ৰচাৰ কৰিবলৈ বিজেপিৰে একাংশ লৱী উঠিপৰি লাগিছে বুলি সূত্ৰত প্ৰকাশ পাইছে। তেনেস্থলত এতিয়া ৰাজনৈতিক মহলত এতিয়া চৰ্চা চলিছে, মাজুলীত নিমাতীঘাটৰ দূৰ্ঘটনাক কেন্দ্ৰ কৰি সৰ্বানন্দ সোনোৱালক ৰাজনৈিক চক্ৰবেহুত পেলোৱাৰ চলিছে নেকি কুচকাৱাজ?

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা