শিৱসাগৰত তিনি তালাকৰ ঘটনা

*শিৱসাগৰত তিনি তালাকৰ ঘটনা* 
*মহিলা অধিবক্তাক দিলে তিনি তালাক*
*এজাহাৰ দাখিলৰ পিছতো আৰক্ষীৰ অভিযুক্তলৈ বিশেষ দৰদ : ন্যায় বঞ্চিত অধিবক্তা পত্নীৰ আৰক্ষী থানালৈ* 
আমাৰ চিঞৰ শিৱসাগৰ: তিনি তালাক প্ৰথাক আইন কৰি নিষিদ্ধ কৰাৰ সময়তে শিৱসাগৰত সংঘটিত হৈছে এটা তিনি তালাকৰ  ঘটনা । যি ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে, আৰক্ষীৰ বিৰুদ্ধে উঠিছে অপৰাধীৰ পক্ষ লোৱাৰ অভিযোগ। কেৱল সিমানেই নহয়, অপৰাধীৰ বিৰুদ্ধে উঠিছে জালিয়াতিৰে  শাহুৱেকৰ মাটি  আত্মসাৎৰ অভিযোগ। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে, শিৱসাগৰৰ ধাইআলিৰ নিবাসী চৈয়দ ৱাহিদ হুছেইন নামৰ ব্যক্তিজনে প্ৰায় দুটা বছৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ মৰাণৰ  মুচফি চুলতানা আহমেদ নামৰ যুৱতী গৰাকীক সম্পূৰ্ণ সামাজিক নিয়মেৰে বিয়া কৰাই আনে। কিন্তু বিয়াৰ দুমাহমানৰ ভিতৰতে দুয়োৰে মাজত মনোমালিন্য তথা বাক-বিতণ্ডা আৰম্ভ হয়। যাৰ বাবে মুচফি পিতৃগৃহলৈ ঘুৰি যাবলৈ বাধ্য হয়। ইয়াৰ পিছতে ৱাহিদে অতিকৌশলেৰে মুচফিৰ মাতৃ ৰুচনা বেগমৰ নামত থকা তিনি কঠা সাত লোচা মাটি আত্মসাৎৰ ফন্দি ৰচনা কৰে। যাৰবাবে উপায়ন্তৰ হৈ মুচফিয়ে শিৱসাগৰ সদৰ থানাত ৱাহিদৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে Muslim women Protection of Rights on Marriage act ৰ 4 ধাৰাৰ লগতে 401 আৰু 498 ( A) ধাৰাত এক গোচৰ ৰুজু কৰে যদিও অভিযুক্তৰ লগত মিতিৰালি কৰি ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইফালে বিবাহৰ দুমাহৰ পাছতে তিনি তালাক দি পত্নীক খেদি দিয়া ৱাহিদ হুছেইনে পত্নীৰ সোণৰ আ-অলংকাৰ বলপূৰ্বকভাৱে Mothoot Finance ত গ'ল্ড লোণৰ নামত  বন্ধকত থোৱাৰ অভিযোগ উঠিছে। আনহাতে আৰক্ষীক মেনেজ কৰি তিনিটাকৈ গুৰুতৰ অপৰাধ কৰিও বৰ্তমানলৈকে সাৰি যোৱা ৱাহিদ হুছেইনক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে জাগৃত মহিলা সমিতি , গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । উল্লেখ্য যে, পেছাত মুচফি এগৰাকী অধিবক্তা। এগৰাকী অধিবক্তায়েই স্বামী-গৃহত শাৰিৰীক-মানসিক অত্যাচাৰৰ বলি হোৱাৰ উপৰিও প্ৰতাৰণাৰ বলি হ'ব লগা হোৱা ঘটনাই সকলোকে ভবাই তুলিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা