বৰপেটাত মাত্ৰু বন্দনা সপ্তাহৰ আনুষ্ঠানিক শুভাৰম্ভ

সমাজ কল্যাণৰ চাকৰিক সেৱাৰ সুযোগ হিচাপে গ্ৰহণৰ আহ্বান উপায়ুক্তৰ।                           

কঞ্জল দাস, বৰপেটা : সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে নিজৰ চাকৰিটোক কেৱল চাকৰি হিচাপে নলৈ সমাজ-সেৱাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আজি বৰপেটা জিলাত "মাত্ৰু বন্দনা সপ্তাহ" আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ কয় যে, যেতিয়াই আমি চাকৰি কৰাৰ মনোভাৱ ত্যাগ কৰি সেৱাৰ ভাৱধাৰাৰে কামত মনোনিবেশ কৰো তেতিয়াই সমস্যাৰ সমাধানৰ পথ মুকলি হয় আৰু কামত ভাগৰ নলগা হয়।  আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে উপায়ুক্ত গৰাকীয়ে বন্তি প্ৰজ্বলন কৰি এই সপ্তাহজোৰা সজাগতা মূলক কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উপায়ুক্ত গৰাকীয়ে তেওঁৰ ভাষণত আৰু কয় যে, ২০১৭ চনৰ পৰা আৰম্ভ হোৱা প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত এগৰাকী মহিলা প্ৰথম গৰ্ভৱতী হোৱাৰ পিছত সন্তান প্ৰসৱ কৰা লৈকে পুষ্টিকৰ খাদ্যৰ বাবদ মুঠ পাঁচ হাজাৰ টকাৰ অৰ্থ সাহায্য লাভ কৰে। তদুপৰি জননী সুৰক্ষা যোজনাৰ অধীনতো প্ৰতি গৰাকী মাতৃয়ে অতিৰিক্ত আৰ্থিক সহায় লাভ কৰে যাতে গৰ্ভৱতী মহিলা সকলে নিজৰ আৰু গৰ্ভস্থ সন্তানৰ উপযুক্ত যতন ল'ব পাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ এই আচঁনিখনৰ মূল শ্লোগানেই হৈছে সুৰক্ষিত জননী সুৰক্ষিত ধৰণী। সভাৰ আৰম্ভণীতে উদ্দ্যেশ্যে ব্যাখ্যা কৰি জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাই কয় যে এগৰাকী সুস্থ সবল মাতৃয়েহে এটি সুস্থ সবল সন্তান জন্ম দিব পাৰে। মূলতঃ এই সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবেই সপ্তাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই সময়ছোৱাৰ মাজত অঙ্গনবাড়ী কৰ্মী, সহায়িকা সকলে ঘৰে-ঘৰে গৈ প্ৰচাৰ চলোৱাৰ উপৰি কেন্দ্ৰ সমূহক আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলাৰ যত্ন কৰিব। তদুপৰি কৰোনা মহামাৰী সম্পৰ্কতো সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অহা ৭ ছেপ্টেম্বৰত সামৰণি পৰিব লগীয়া মাত্ৰু বন্দনা সপ্তাহৰ সময়চোৱাত দাঙি ধৰা প্ৰদৰ্শনৰ আধাৰত সংহত  শিশু বিকাশ প্ৰকল্প আৰু অঙ্গনবাড়ী কেন্দ্ৰক পুৰস্কৃত কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ সদৰি কৰে।  সভাত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চক্ৰ বিষয়া সকল, সমাজ কল্যাণ বিভাগৰ প্ৰকল্প বিষয়া সকল আৰু কেবাগৰাকীও হিতাধিকাৰী মাতৃয়েও অংশগ্ৰহণ কৰে। সভাৰ মাজতে উপায়ুক্ত ভূচালে মাতৃ সকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰি তেওঁলোকৰ সৈতে ছেলফিও উঠে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা