ৰঙিয়াত শিক্ষক দিৱস পালন

প্ৰতিবেদক ,ৰঙিয়া, ৫ ছেপ্তেম্বৰঃ আজি শিক্ষক দিৱস। বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো সমগ্ৰ দেশৰ লগতে ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানৰ উপৰিও ৰঙিয়া ৰাজীৱ ভৱনতো ৰাজ্য চৰকাৰৰ কোভিড প্ৰট'কল মানি অনুষ্টুপীয়া কৈ যথাযোগ্য মৰ্যাদাৰে শিক্ষক দিৱস পালন কৰা হয়। ৰঙিয়া ব্লক কংগ্রেছ, নগৰ ব্লক কংগ্ৰেছ আৰু ৰঙিয়া এনএছইউআইৰ উদ্দ্যোগত ৰাজীৱ ভৱনত আয়োজিত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাই ৰঙিয়া ৰাজীৱ ভৱনত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰে পূব ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন নাথ আৰু কাউৰবাহা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতলেব মজুমদাৰে। ইয়াৰ পিছতে ৰঙিয়া ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাসৰ সঞ্চালনাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন নাথ আৰু আব্দুল মতলেব মজুমদাৰে। শিক্ষাৰ মাধ্যমেৰে আন্ধাৰৰ পৰা পোহৰলৈ সমাজখনৰ গতি কৰোৱা যি পথৰ সন্ধান ড০ ৰাধাকৃষ্ণণে দেখুৱাই গৈছে সেই পথেৰে অগ্ৰসৰ হবলৈ আহ্বান জনায় সমল ব্যক্তি কেইগৰাকীয়ে আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত। আলোচনা চক্ৰতে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সকলক  সম্বৰ্ধনা জনোৱাৰ অন্তত শিক্ষাগুৰু সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা হয় । এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাসৰ উপৰি কামৰূপ গ্ৰাম্য জিলা এনএছইউআইৰ সভাপতি চাকিল আহমেদ, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিলন চৌধুৰী, নগৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কিশোৰ দাস, জিলা কংগ্ৰেছৰ সম্পাদক উজ্জ্বল লহকৰ প্ৰমূখ্যে মণ্ডল কংগ্ৰেছ আৰু এনএছইউআইৰ বিষয়ববীয়া সকলে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা