নগাঁৱত ডুপ্লিকেট কইনা বিয়া কৰাই দৰাৰ আতহত্যাৰ চেষ্টা

# নগাঁৱত আজৱ ঘটনা≈≈বিয়া কৰালে ডুপ্লিকেট কইনা≈≈প্ৰৱঞ্চনাৰ বলি হোৱা দৰাৰ আত্মহণনৰ চেষ্টা#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ছেপ্টেম্বৰঃ জন্ম, মৃত্যু আৰু বিবাহ ৷ এই তিনিটা মানুহৰ জীৱনকালৰ এক অপৰিহাৰ্য অধ্যায়। জন্ম আৰু মৃত্যুৰ সময় মানুহে নিৰ্ধাৰণ কৰিব নোৱাৰে যদিও বিবাহ এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্ধাৰিত দিন আৰু সময়ত সম্পন্ন কৰা হয় ৷ এই বিবাহৰ বাবে দৰা আৰু কইনাই ইজনে-সিজনক পচন্দ কৰাৰ পিছতহে পৰম্পৰাগত সামাজিক ৰীতি-নীতিৰ মাজেৰে বৈবাহিক জীৱনৰ শুভাৰম্ভ ঘটে ৷ কিন্তু এই বিবাহক কেন্দ্ৰ কৰিয়েই নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা । সুকলমে বিবাহ সম্পন্ন হোৱাৰ পিছতে প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হৈছে দৰা ৷ আচলতে ঘটকে পাত্ৰী হিচাপে দৰাক দেখুৱালে এজনী আৰু বিয়া দিলে আন এজনী কইনাক। ফলত প্ৰবঞ্চনাৰ বলি হোৱা দৰাই এতিয়া মানসিকভাবে ভাগি পৰি চলাইছে আত্মহণনৰ চেষ্টা ৷ আনকি পৰিয়ালৰ লোকে পহৰা দিব লগা হৈছে দৰাক ৷ ঘটনাৰ বিৱৰণী মতে, দগাঁৱৰ মোকাদিছ আলম নামৰ এজন যুৱকৰ বিবাহকাৰ্য সম্পন্ন হৈছিল জুৰীয়াৰ মেলেকাধিং গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে ৷ এই কামত সহায় কৰিছিল ফাৰিকুল ইছলাম নামৰ এগৰাকী ঘটকে। কিন্তু খুব ধুমধামেৰে বিবাহকাৰ্য সম্পন্ন হৈ যোৱাৰ পিছত অথন্তৰ লাগে দৰাৰ ঘৰত ৷ কিয়নো, বিয়া কৰাই কইনাক ঘৰলৈ লৈ আহি দৰাই দেখে যে যিজনী কইনাক তেওঁ পছন্দ কৰিছিল আৰু বিয়াত বহিবলৈ সন্মত হৈছিল সেইজনী কইনা তেওঁ বিয়া কৰোৱাই অনা গৰাকী নহয়। বেলেগ এগৰাকী যুৱতীহে আহিছে কন্যা হৈ ৷ সেয়ে এনেদৰে কন্যা ঘৰৰ লোকৰ লগতে ঘটকৰ প্ৰৱঞ্চনাৰ বলি হোৱা দৰাৰূপী যুৱকজন এতিয়া মানসিক ভাৱে ভাগি পৰিছে ৷ আনকি লাজে-অপমানে জৰ্জৰিত যুবকজনে বাৰে বাৰে আত্মহত্যাৰ চেষ্টা চলাইছে । যুৱকজনৰ পৰিয়ালৰ লোকে ভাগ্যক ধিয়াই যুৱকজনক বুজনি দিছে যদিও তেনে বুজনিয়ে তলাব পৰা নাই যুৱকজনক ৷ সেয়ে উপায়্যন্তৰ হৈ পৰিয়ালৰ লোকে এতিয়া যুৱকজনক পহৰা দি ৰাখিবলগীয়া হৈছে ৷ ইফালে, দৰা তথা যুৱকজনৰ পৰিয়ালে ঘটক ফাৰিকুল ইছলামৰ বিৰুদ্ধে স্থানীয় দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা