পথৰ দুৰৱস্থাত ভাঙিল বিয়া।

*পথৰ দুৰৱস্থাত ভাঙিল বিয়া।

*এম্বুলেন্স সোমাব নোৱাৰা গাঁওখনৰ পৰা সাঙী‌ কৰি নিব লাগে ৰোগীক*

*নলবাৰী সমষ্টিৰপৰা ধৰ্মপুৰ সমষ্টি সংযোগী পথৰ মাজত এতিয়া কেৱল বোকা আৰু বোকা*

*পঞ্চায়ত সভানেত্ৰী জোনমনি বৈশ্য তালুকদাৰ নাই কোনো গুৰুত্ব নাই কোনো কানসাৰ*

*বিধায়ক জয়ন্ত মল্ল বৰুৱাক কৰযোৰে প্ৰাৰ্থনা স্থানীয় মহিলাসকলৰ*

 প্ৰাক নিৰ্বাচনী সময়ত পদুলীয়ে পদূলীয়ে পকী ৰাস্তা-ঘাট নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ ৰাইজৰ মন জয় কৰি ক্ষমতালৈ অহা বিজেপি চৰকাৰে পাহৰিলে নিজৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ।। গেলা-পচা ৰাস্তা-ঘাটে এতিয়া ত্ৰাহি মধুসূদন সুৱৰাইছে সাধাৰণ ৰাইজক ।। বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ নিজ বাহজানি গাঁৱৰ  মণ্ডল চুবুৰীৰপৰা ভেলাখাত হৈ ধৰ্মপুৰ সমষ্টিলৈ যোৱা পথচোৱাৰ পয়ালগা অৱস্থাত এতিয়া যমৰ যন্ত্ৰণা খাইছে গাওঁবাসী আৰু বাটৰুৱাই ।। বোকাময় পথৰ মাজত পেলাই থোৱা নাৰিকল গছৰ টুকুৰা আৰু দীঘল কাঠৰ টুকুৰাৰ ওপৰেৰেই কৰিবলগীয়া হৈছে সাধাৰণ মানুহে যাতায়ত ।। ভাগিছে কেইবাজনীও ছোৱালীৰ বিয়া ।। আনকি ভালেকেইখন বিয়াত কইনাক কাষৰীয়া গাঁৱৰ মানুহৰ ঘৰত নি খুৱাই-ধুৱাইও দিবলগীয়া হৈছে বিয়া ।। নাহে এই ৰাস্তাটোৰে কোনো এম্বুলেন্স, যাব নোৱাৰে কোনো গাড়ী মটৰ ।। ৰোগীক ঠেলাৰে ঠেলি ঠেলি নহলে সাঙী কৰি নিবলগীয়া হয় এম্বুলেন্সলৈ ।।উল্লেখ্য যে ৯ নং মধ্য বাঁহজানী গাঁও পঞ্চায়তৰ সভানেত্ৰী জোনমনি বৈশ্য তালুকদাৰক বাৰম্বাৰ অৱগত কৰাৰ পিছতো গাঁওবাসীয়ে পোৱা নাই একো সহাঁৰি ।। উপায়ন্তৰ হৈ বৃদ্ধা মহিলাসকলে বিধায়ক  জয়ন্ত মল্ল বৰুৱাক কৰযোৰে প্ৰাৰ্থনা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গাঁওখনত৷

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা