জামুগুৰিত বৃহদাকাৰ চকৰী ফেঁটী উদ্ধাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিত শনিবাৰে সন্ধিয়া এটা চকৰী ফেঁটী সাপ উদ্ধাৰ কৰা হয় । জানিব পৰা মতে, জামুগুৰিৰ ফনিন্দ্ৰ নাথ নামৰ লোকজনৰ বাসগৃহৰ কাষতে থকা খৰিৰ চাঙত সাপটোৱে আশ্ৰয় লৈ আছিল । গৃহস্থই সাপটো উলিয়াই পঠাবৰ বাবে বহুত চেষ্টা কৰিও বিফল হোৱাত লগে লগে "ৱাইল্ড এইড, অসম"ৰ স্বেচ্ছাসেৱক তথা স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক দেৱজ্যোতি নাথ(দাদু)ক খৱৰ দিয়াত তেওঁ বিজু ডেকা আৰু উমা বৰা নামৰ আন দুজন যুৱকৰ সহযোগত অতি কৌশলৰে সাপ ডাল কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত গৃহস্থই স্বস্থিৰ নিশ্বাস পেলাই । পিচত সাপটো ওচৰৰ ঘন জংঘলত মুকলি কৰি দিয়া হয়। উল্লেখ্য, ইয়াৰ পূৰ্বেও প্ৰকৃতিপ্ৰেমী যুৱক দেৱজোতি নাথে এনেদৰে কেইবাটাও চকৰি ফেঁটী সাপ মানুহৰ ঘৰৰ পৰা কৰায়ত্ত কৰি ঘন জংঘলত এৰি দিছিল ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা