ডিমাকুছিত খাৱৈত আৱদ্ধ হস্তী পোৱালীৰ কৰুণ বিলাপ # অবশেষত কৰুণ মৃত্যু হাতীৰ পোৱালীটো ৷

# ডিমাকুছিত খাৱৈত আৱদ্ধ হস্তী পোৱালীৰ কৰুণ বিলাপ # অবশেষত কৰুণ মৃত্যু হাতীৰ পোৱালীটো ৷

পৱন নাথ,আমাৰ চিঞৰ ,২৯ আগষ্টঃ

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ডিমাকুছিৰ বৰঙাজুলি চাহ বাগিছাৰ এটি খাৱৈত আৱদ্ধ হৈ পৰা এটা হাতী পোৱালিৰ মৰণ কাতৰ চিঞৰে সকলোৰে অন্তৰ কন্দুৱাইছে ৷ শনিবাৰে নিশা চাহ বাগিছা খনত আশ্ৰয় লোৱা এজাক বন্যহস্তীৰ মাজত আছিল কেইবাটাও মৰম লগা পোৱালি ৷ দেওবাৰে পুৱা বাগিছা খনৰ এটা  লাইনত থকা দ খাৱৈ এটাত আৱদ্ধ হৈ চিঞৰি থকা এটা হাতী পোৱালি প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ লগে লগে ৰাইজে বন বিভাগক খৱৰ দিয়ে যদিও বন বিভাগৰ লোক আহি পোৱাত কিছু পলম হোৱাৰ বাবে হাতে কামে লাগি যায় লোক সকল ৷ হাতে হাতে কোৰ লৈ স্থানীয় লোক সকলে খাৱৈতো খান্দি হাতী পোৱালিতো উদ্ধাৰৰ চেষ্টা চলাই ৷ কিন্তু কাষতে ৰৈ থকা পোৱালিতোৰ মাতৃয়ে ৰাইজক বাৰে বাৰে বাধা দিয়া দেখা যায় ৷ পিছত বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে পোৱালিতো উদ্ধাৰ কৰিবলৈ সক্ষম হ’য় ৷ কিন্তু উদ্ধাৰ হোৱা হাতী পোৱালিটোক কোনো চিকিৎসা কিম্বা শুশ্ৰূষা নকৰিলে বন বিভাগে ৷ ইফালে খাৱৈৰ পৰা উঠাৰ পিছতে ৰাইজৰ হুলস্থূলত আতংকিত হৈ পৰা হাতী পোৱালিতো তীব্ৰ বেগত দৌৰী পলাবলৈ চেষ্টা কৰে ৷ অৱশেষত দৌৰী থকা অৱস্থাতে হাতী পোৱালিতো পৰি যায় ৷ ঢলি পৰাৰ কিছু সময় পাছতে পোৱালিটোৱে শেষ নিশ্বাস তঁযাগ কৰে ৷ বন বিভাগৰ অপৰিপক্বতা আৰু গুৰুত্বহীনতাৰ বাবেই হাতী পোৱালিতোৰ মৃত্যু হোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে বনবিভাগৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷



পৱন নাথ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা