সাৰৰ ক’লাবজাৰক লৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

*সাৰৰ ক’লাবজাৰক লৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া।*

     উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰকাৰখানা হৈছে নামৰূপ সাৰকাৰখানা (BVFCL)। আৰু এই সাৰকাৰখানাৰ মাৰ্কেটিং বিভাগৰ পৃষ্ঠপোষকতাত চলিছে ৰাসায়নিক সাৰৰ কলা বজাৰ। এই সাৰৰ চোৰাং বেহা চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল সাৰ উদ্যোগটোৰ চীফ মাৰ্কেটিং মেনেজাৰ আৰু এৰিয়া মেনেজাৰ। গতিকে দীৰ্ঘদিনৰ পৰা চলি অহা সাৰৰ এই চোৰাং বেহাৰ লগত উচ্চপদস্থ বিষয়া আমোলা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নেতৃবৃন্দয়। গতিকে এই সমগ্ৰ বিষয়টোত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ভিজিলেন্সৰ যোগেদি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে যাতে এই সাৰৰ কলা বজাৰৰ লগত জড়িত ৰৌ, বৰালি আৰক্ষীৰ জালত পৰে।
    
নাহৰকটীয়াৰ পৰা গগণ হাজৰিকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট ।
০৬।০৯।২০২১।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা