কংগ্ৰেছত সংকট ! গোৱালপাৰা পূৱত আজিও ঘোষিত হোৱা নাই প্ৰাৰ্থীৰ নাম

আগন্তুক ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৯ মাৰ্চ হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । পিছে এনে এক সন্ধিক্ষণতো কংগ্ৰেছ দলে ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৷ বিশেষকৈ গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত টিকট ঘোষণা কৰিবলৈ গৈ কংগ্ৰেছ দলে মহা সংকটত পৰা বুলি ব্যাপক চৰ্চা চলিছে ৷ বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি , গোৱালপাৰা পূৱৰ বৰ্তমানৰ বিধায়ক এ , কে, ৰশিদ আলমক পুণৰাই দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ওলোৱা খবৰে সমষ্টিটোৰ কংগ্ৰেছ সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কিছু কিছু অঞ্চলত বৰ্তমানৰ বিধায়ক জনক পুণৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছ কৰ্মী সকলে দল ত্যাগৰো ভাবুকি প্ৰদান কৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ হাই কামাণ্ডে গোৱালপাৰা পূৱত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই ৷ তাৰ বিপৰীতে দলৰ শীৰ্ষ নেতৃত্বই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ মাজত উপযুক্ততা আৰু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ পুণৰ গোপন চাৰ্ভে আৰম্ভ কৰিছে ৷ এই ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিয়ে আগন্তুক ১৭ মাৰ্চৰ মাজ নিশা ১২ বজাৰ ভিতৰত গোৱালপাৰা পূৱৰ বাবে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷ জানিব পৰা মতে, সমষ্টিটোত প্ৰাৰ্থিত্ব লাভৰ বাবে মুঠ ১৩ গৰাকী ব্যক্তিয়ে আবেদন কৰিছিল যদিও কংগ্ৰেছৰ হাই কামাণ্ডে ইয়াৰ মাজৰ পৰা এজন নতুন আৰু নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থীৰ সন্ধান অব্যাহত ৰাখিছে ৷ ইফালে এই মুহূৰ্তত সমষ্টিটোত প্ৰাৰ্থিত্বৰ বাবে দুজন নেতাৰ নাম সঘন উচ্চাৰিত হৈছে ৷ ইয়াৰে এজন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা যুৱ ব্যৱসায়ী আশ্ৰাফুল আলম আৰু আন জন হৈছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তী ৷ ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা আশ্ৰাফুল আলম গোৱালপাৰা পূৱত তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা দেৱান জয়নাল আবেদিন আৰু গোৱালপাৰা বি টি কলেজৰ অধ্যাপক আনোৱাৰা বেগমৰ পুত্ৰ ৷ আনহাতে কা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা সুবক্তা ৰাকেশ চক্ৰৱৰ্তীৰ নামো সমষ্টিটোত সমানে চৰ্চা চলিছে ৷ ইয়াৰ বিপৰীতে প্ৰাৰ্থিত্বৰ দৌৰত ইন্দিৰা মেধি,মহম্মদ হুছেইন (চাজু), মফিজুৰ ৰহমান  তথা নৱজ্যোতি তালুকদাৰেও নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অৱশ্যে এতিয়া সকলো খিনি নিৰ্ভৰ কৰিছে কংগ্ৰেছৰ হাই কামাণ্ডৰ ওপৰত ৷ হাই কামাণ্ডৰ সুদৃষ্টি যাৰ ওপৰতে পৰিব তেঁৱে হ’ব এই বেলি নিৰ্বাচনত গোৱালপাৰা পূৱৰ কংগ্ৰেছী প্ৰাৰ্থী ৷

কৃষ্ণাইৰ কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা