বিশাল পদযাত্ৰাৰে বিজেপিৰ ৰূপক শৰ্মাৰ নিৰ্বাচনী চমক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ মাৰ্চঃ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী থকা অৱস্থাত ৰাজ্যজুৰি নিৰ্বাচনী পৰিবেশ গৰম হৈ পৰিছে ৷ সৰ্বত্ৰে ভোটাৰৰ মন আকৃষ্ট কৰাৰ তীব্ৰ প্ৰয়াসেৰে ৰাজনৈতিক দলবোৰে প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নগাঁও সদৰ সমষ্টিও। তাৰেই ফলস্বৰূপে নগাঁও সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশহিচাপে বুধবাৰে এক বিশাল পদযাত্ৰা উলিয়াই ভোটাৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হয় ৷ প্ৰাৰ্থীগৰাকীয়ে সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থক লৈ উলিওৱা এই বিশাল পদযাত্ৰা সমষ্টিটোৰ কাছমাৰী পলাশতলত আৰম্ভ হৈ বহুৱাভেটি, টকৌবাৰী, বামুনগাঁও, ম’হেখুচা, কাছমাৰী, বৰাগাঁও, বেজৰগাঁও আৰু পুখুৰীপাৰ আদি অঞ্চলৰ মাজেৰে পৰিভ্ৰমণ কৰি জলময়গাঁৱত অন্ত পৰে ৷ দিনযোৰা এই পদযাত্ৰাত প্ৰাৰ্থী ৰূপক শৰ্মাই কৰ্মী আৰু সমৰ্থকসহ ঢোলে-দগৰে নাচি-বাগি উত্তাল পৰিবেশেৰে একপ্ৰকাৰে নিৰ্বাচনী চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ উল্লিখিত অঞ্চলসমূহত বিৰামহীনভাবে জোৰদাৰ কৰি তোলা এই নিৰ্বাচনী প্ৰচাৰ অভিযানত বৃদ্ধ-বৃদ্ধা লোকসকলে প্ৰাৰ্থী গৰাকীক মূৰত হাত বুলাই দিয়া আৰ্শীবাদে সকলোকে দৃষ্টি নিবন্ধ কৰে ৷ আচলতে বিগত পাঁচটা বছৰত নগাঁও সমষ্টিৰ প্ৰায় সৰ্বতে উন্নয়নমূলক কাম-কাজে সমষ্টিবাসীক উৎফুল্লিত কৰাৰ বাবেই প্ৰাৰ্থীগৰাকী এতিয়া সবাৰো প্ৰিয়ভাজন হৈ পৰা দেখা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা