সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জাফা, দিছপুৰ প্ৰেছ ক্লাৱৰ

 গুৱাহাটী :    নিয়মীয়া বাৰ্তাৰ সাংবাদিক হাতীগাঁৱৰ নিবাসী পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক  মৃত্যৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ কাৰণ  দূৰ্ঘটনা নে পৰিকল্গিত হত্যা  সেই লৈ বিভিন্নজনৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে ঘটনাৰ ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰা উচিত বুলি এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী আৰু  সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে মত প্ৰকাশ কৰে । 
জাফাৰ সভাপতি আৰু সম্পাদক প্ৰধান গৰাকীয়ে প্ৰয়াত সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । 
     আনপিনে জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।  এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা আৰু সম্পাদক কুঞ্জ মোহন ৰায়ে -জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু অসমৰ সংবাদ মাধ্যমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে । শোকাকুল পৰিয়ালবৰ্গলৈকো দিছপুৰ প্ৰেছ ক্লাবে গভীৰ সমবেদনা জ্ঞাপন কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা