বঙাইগাঁৱত দুই শতাধিক অগপ - কংগ্ৰেছ আৰু বিপিএফ কৰ্মী- সমৰ্থকৰ অসম জাতীয় পৰিষদত যোগদান

অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত মাফিয়াৰ দৰে কাম কৰি আছে- দীপু চৌধুৰী


ফণীভূষণ চৌধুৰী জুৱাৰীৰ চৰ্দাৰ 

বঙাইগাঁওঃ২১ মাৰ্চঃ অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত মাফিয়াৰ দৰে কাম কৰি আছে ৷ আনকি অগপ দলটোকো মাফিয়াৰ দৰে চলাই আছে আৰু বঙাইগাঁও সমষ্টিত অগপ দলটো মাফিয়াৰ দৰে চলি আছে ৷ যাৰ বাবে সমষ্টিটোৰ উন্নয়ন হোৱা নাই ৷ অৱশ্যে জুৱা পতাৰ দিশত উন্নয়ন হৈছে ৷ এই অভিযোগ বঙাইগাঁও বিধান সভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ ৷ আজি বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যলয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত উপস্থিত থাকি নিজৰ ভাষণত তথা সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰে ৷ অজাপ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে অগপ দলৰ মাফিয়াৰাজৰ কাৰণেই আজি সমষ্টিটোৰ প্ৰকৃত হিতাধিকাৰীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷ পঞ্চায়তবিলাকত যিবিলাক আঁচনি আহি আছে ,সেই আঁচনিবিলাক পাবলগীয়া ব্যক্তিয়ে নাপায় ৷ চৰকাৰী ঘৰ , শৌচাগাৰ আদিকে ধৰি এই আঁচনিৰ সুবিধাবিলাক পঞ্চায়তৰ প্ৰতিনিধি আৰু মাফিয়াৰ চামচা বিলাকেহে পাইছে ৷ দীপু চৌধুৰীয়ে আৰু কয় যে সমষ্টিটোৰ ডাংতল ব্লকত পাঁচজনমান শিক্ষক আছে ৷ এই শিক্ষককেইজনে অঞ্চলটোত অগপ দলটো চলায় ৷ এওঁলোকেই ঠিকা ঠুকুলি কৰে আৰু বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনি কৰে ৷ এই শিক্ষক কেইজনৰ কন্যা , পত্নী ,ভতিজী আদিয়েহে কৃষি ঋণ লাভ কৰিছে যদিও আনসকলে পোৱা নাই৷ সেইদৰে আটুগাঁও আৰু ঢালিগাঁও গাঁও পঞ্চায়তত শ শ লোকৰ নাম কৃষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হ'ল যদিও ধন লাভ কৰিলে বেলেগেহে ৷ প্ৰকৃত কৃষকে নাপালে ৷ এইবিলাক এই কাৰণে হৈছে যে ইয়াত এটা মাফিয়াৰাজৰ দল চলি আছে ৷ মাফিয়া দলটোৰ মাফিয়া কৰ্মীবিলাকৰ কাৰণে আজি আমাৰ সমাজ তথা ৰাইজে এই যন্ত্ৰণা ভুগিবলগীয়া হৈছে ৷ অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা প্ৰকৃত লোকসকল বঞ্চিত হ'বলগীয়া হৈছে ৷ সেয়ে বঙাইগাঁও সমষ্টিটোৰ উন্নয়ন কৰিব লাগে নে অধোন্নতি কৰিব লাগে সেয়া ৰাইজে এইবাৰ চিন্তা কৰক ৷ 

আনহাতে বিগত ৩৫ টা বছৰে বঙাইগাঁও সমষ্টিৰ একো উন্নয়ন কৰিব নোৱাৰিলে যদিও এটা দিশত উন্নয়ন সাধন কৰিব পাৰিছে বুলি অগপ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি অজাপৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে কয় যে বঙাইগাঁও সমষ্টিটোত উন্নয়ন নোহোৱা নহয় ৷ উন্নয়ন হৈছে ৷ আমাৰ বিধায়কগৰাকীয়ে আৰু কেইদিনমান পিচত যদি কাৰোবাৰ বিয়া হয় , কাৰোবাৰ যদি অন্নপ্ৰাসন হয় তেতিয়াহলে তাতো জুৱা বহুৱাৰ অনুমতি উলিয়াই দিব ৷ কাৰণ পুলিচ প্ৰশাসনে ৰাজহুৱা পূজা আদি অনুষ্ঠানত জুৱা বহুৱাৰ অনুমতি দিব নিবিচাৰিলে আমাৰ বিধায়কগৰাকীয়ে আৰক্ষী অধীক্ষকক ফোন কৰি জুৱা বহুৱাবলৈ অনুমতি দিবলৈ কয় বুলি অভিযোগ কৰে ৷ এয়া ভাল কাম নেকি বুলি কৈ জুৱাৰ কাৰণেই আজি কালি এদিনীয়া পূজা এখনো দহদিনলৈ চলে বুলি কয় ৷ সেয়ে কেইদিনমান পিচত এনে এটা পৰ্যায় পাব যে কাৰোবাৰ বিয়া ,চূড়াকৰণ ,অন্নপ্ৰাসন পাতিলেও ঘৰৰ বাৰীত জুৱা বহুৱাব ৷ তাৰ বাবে বিধায়কগৰাকীয়েহে অনুমতি উলিয়াই দিব পাৰিব বুলিও কয় ৷ দীপু চৌধুৰীয়ে আনকি ফণীভূষণ চৌধুৰীক জুৱাৰ চৰ্দাৰ বুলিও অভিযোগ কৰে ৷ চৌধুৰীয়ে বিধায়কগৰাকীয়ে যতে ততে জুৱা খেল বহুৱাৰ অনুমতিৰ ব্যৱস্থাবিলাক কৰি দিয়ে বুলি কৈ বিধায়কগৰাকী নিজে জুৱা খেলে বুলিও মন্তব্য কৰে ৷ এই কথা ৰাইজে জানে বুলি কৈ মই কোৱাৰ প্ৰয়োজন নাই বুলিও কয় ৷ গতিকে এয়াই হ'ল বঙাইগাঁও সমষ্টিৰ উন্নয়ন ৷ এয়া জানো ভাল কাম হৈছে ? তেওঁৰ কাৰণে উন্নয়ন হৈছে ৷ যদি এইবিলাক বন্ধ কৰিবলগীয়া হয় ,তেতিয়াহলে ৰাইজে নতুন চিন্তা কৰিব লাগিব ৷ সকলো ৰাইজৰ হাততে আছে ৷ সেই বাবে আমি পৰিৱৰ্তন বিচাৰিছো ৷ এই ধাৰাটো সলনি কৰিব লাগিব ৷ নতুন চিন্তা আৰু নতুন পৰিকল্পনাৰে আমি সমাজখনক আগবঢ়াই নিব লাগিব ৷ তাৰ বাবে ৰাইজে ৰাজনৈতিকভাৱে যদি এটা  পৰিৱৰ্তন কৰি দিব পাৰে তেতিয়াহলে আমি সমাজখনৰো এটা পৰিৱৰ্তন আনিব পাৰিম ৷ অৰ্থনৈতিক, শৈক্ষিক  ,উদ্যোগিক ক্ষেত্ৰতো পৰিৱৰ্তন আনিব পাৰিম ৷ নিবনুৱা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰিম ৷ দীপু চৌধুৰীয়ে আৰু কয় যে বিধায়কগৰাকীয়ে বঙাইগাঁও বিধান সভা সমষ্টিৰ উন্নয়নৰ কথা কয় , কিন্তু সমষ্টিটোৰ গ্ৰাম্যাঞ্চলৰ লোকে আজিও বাঁহৰ দলং সাঁজি অহা যোৱা কৰি আছে ৷ খুচুলুপাৰা ,দোংসাপাৰা আদি কিছুমান অঞ্চলত আজিও যাতায়াতৰ সুচল ব্যৱস্থা গঢ়ি উঠি নাই ৷ পথ বুলি চিনিবই নোৱাৰি ৷ গতিকে ৰাইজে নিজেই ভাৱক এনে উন্নয়ন লাগে নে পৰিৱৰ্তন লাগে ৷ উল্লেখ্য যে  অজাপৰ বঙাইগাঁও সমষ্টি কমিটিৰ উদ্যোগত অনুষ্ঠিত যোগদান কাৰ্য়সূচীত বিধান সভা সমষ্টিটোৰ অন্তৰ্গত ১ নং চাপাগুৰি , নৰ্থ বইটামাৰী , চাপৰাকাটা ,মূলাগাঁও ,নীলিবাৰী ,চুঙাপোটাৰ লগতে চহৰখনৰ ১২ নং ৱাৰ্ড , ১৪ ৱাৰ্ড , ১৯ ৱাৰ্ড ,২৫ নং আদি ৱাৰ্ডৰ দুই শতাধিক  অগপ ,কংগ্ৰেছ  আৰু বিপিএফ দলৰ কৰ্মী- সমৰ্থকে আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ৷ এই উদ্দেশ্যে সমষ্টি কমিটিৰ সভাপতি কৈলাশ পাঠকে সভাপতিত্ব কৰা সভাত সাধাৰণ সম্পাদক বিনয় ৰায় আদি উপস্থিত থাকে ৷ দলত যোগদান কৰা সকলক প্ৰাৰ্থী দীপু চৌধুৰীয়ে দললৈ আদৰণি জনায় ৷ 
ইপিনে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে নিজকে ব্ৰাজিল দল বুলি কৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ক বঙাইগাঁও দল বুলি কোৱাৰ পিচত এইবাৰ অজাপৰ দীপু চৌধুৰীয়ে নিজকে স্পেইন দল বুলি অভিহিত কৰিছে ৷ অজাপৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে ফণীভূষণ চৌধুৰীয়ে যিটো দলৰ কথা ভাবি আছে তাকে যদি ক'ব পাৰে, তেতিয়াহলে মই নিজকে স্পেইন দল বুলি ভাবি আছো ৷ গতিকে স্পেইন দলৰ হৈ যিমান পাৰো সিমানে বিপক্ষক গল দিম ৷ আনহাতে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি দাবী কৰা সন্দৰ্ভত অজাপৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে কয় যে এইটো কাল্পনিক কথা কৈছে ৷ এনে কথা কৈ তেওঁ মানুহৰ মনোবল ভাঙিব খুজিছে ৷ নিজৰ দলৰ কৰ্মীসকলক উৎসাহ দিয়াৰ কাৰণে কৈছে ৷আচলতে ২ মেত যেতিয়া  নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব তেতিয়াহে গম পাব ৷ দীপু চৌধুৰীয়ে নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বি অগপ নহয়, বৰং কংগ্ৰেছহে হ'ব বুলিও দাবী কৰে ৷ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী তিনি নম্বৰতহে থাকিব বুলি কয় ৷ আনহাতে ফণীভূষণ চৌধুৰীয়ে অজাপ দলৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে নিৰ্বাচনত বঙাইগাঁও পৌৰসভা এলেকাৰ ভোটাৰৰ পাঁচ শতাংশ ভোটো নাপাব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত অজাপ প্ৰাৰ্থীগৰাকীয়ে কয় যে তেওঁ নিজে কিমান শতাংশ ভোট পায় সেয়া সময়ে ক'ব ৷ 
ইপিনে পৌৰ সভাৰ সভাপতি হৈ থকা সময়ত অজাপৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে দুৰ্নীতি কৰা বুলি ফণীভূষণ চৌধুৰীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত দীপু চৌধুৰীয়ে কয় যে যিহেতু নিৰ্বাচন আহিছে ,সেয়ে নিৰ্বাচনৰ সময়ত তেনে কথা কোৱাটো স্বাভাবিক কথা ৷ কাৰণ পৰস্পৰে পৰস্পৰক বেয়া কথা কোৱাটো স্বাভাবিক কথা ৷ কিন্তু কথা হ'ল যদি দুৰ্নীতি কৰিছিলো তেতিয়াহলে তেওঁ কিয় একো কোৱা নাছিল ? দহ বছৰ পৌৰ সভাৰ সভাপতি হৈ আছিলো ৷ কিন্তু সেই সময়ত তেওঁ নিজে বা সংবাদ মাধ্যমৰ আগতো দুৰ্নীতি হোৱা বুলি কিয় একো ক'ব নোৱাৰিলে বুলিহে কয়  ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা