শালবাৰী মহাবিদ্যালয়ত ভোটাধিকাৰ সজাগতা কাৰ্যসূচী

সঞ্জীৱ দাস, বজালী, ২৪ মাৰ্চঃ বজালী জিলা প্ৰশাসনৰ নিৰ্বাচন সংক্ৰান্তীয় SVEEP কোষৰ উদ্যোগত আজি শালবাৰী মহাবিদ্যালয়ত ভোটাধিকাৰ, ভোটদান আদিৰ প্ৰসংগত এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।শালবাৰী মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ আজি অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত বজালী জিলা SVEEP কোষে সজাগতাৰ কাৰ্যসূচী মনোজ্ঞ ৰূপত পৰিবেশন কৰে। মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু শিক্ষাৰ্থীৰ জনাকীৰ্ণ সমাবেশত কাৰ্যসূচীৰ লগত ৰজিতা খুৱাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক অৰিন্দম তালুকদাৰে ভোটদানৰ গুৰুত্ব,গণতন্ত্ৰৰ প্ৰমূল্য আৰু ভোটদান প্ৰক্ৰিয়া যে নাগৰিকৰ এটা অনিবাৰ্য কৰ্তব্য সেই সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা আগব়ঢায়। আনহাতে, ভোটদান কিয় আৰু কেনেকৈ কৰিব লাগে সেই সম্পৰ্কত কোষৰ ফালৰ পৰা হেমাংগ তালুকদাৰে শিক্ষাৰ্থীক বুজাই কয়। এই গুৰুত্বপূৰ্ণ আৰু মনোজ্ঞ অনুষ্ঠানত  মহাবিদ্যালয়ৰ অধ্যক্ষ জগত চন্দ্ৰ বসুমতাৰী, বিবি কিষান মহাবিদ্য়ালয়ৰ অধ্যক্ষ কেশৱ বসুমতাৰী,বজালী জিলা মেডিয়া কোষৰ পুলু কুমাৰ শৰ্মা, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে। উল্লেখ্য যে, শিক্ষাৰ্থীসকলক ভোটাধিকাৰ সজাগতা বিষয়ক প্লে কাৰ্ড, বেনাৰ আদিও প্ৰদৰ্শণ কৰিব দিয়া হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা