বিজনীৰ টোলগেটত পিষ্টলসহ চাৰিজন যুৱকক আটকক

বিজনী, ১৯ মাৰ্চ: চিৰাং জিলাৰ বিজনীৰ  দহলাপাৰাস্থিত টোলগেটত আজি ৮ মান বজাত আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ পৰা এটা ৫.৫৬ পিষ্টল আৰু চাৰিটা সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে চাৰিজন যুৱকক আটক কৰে ৷ জানিব পৰা মতে গোলাঘাটৰ পৰা AS-01-BJ-0045 নম্বৰৰ এখন চাৰিচকীয়া বাহেনেৰে বিজনী মুখে আহি থকা অবস্থাত টোলগেটত আৰক্ষীৰ জালত পৰে এই চাৰিজন যুৱক ৷ পাছলৈ বিজনী আৰক্ষীয়ে পিষ্টল, গুলী আৰু বাহনখন জব্দ কৰাৰ লগতে যুৱক চাৰিজনক আটক কৰি বিজনী থানালৈ লৈ যায় ৷ আটকাধীন যুৱক চাৰিজন 
ক্ৰমে আনোৱাৰ হুছেইন (৪২), ৰকিবুল আলী(২২), সাগৰ আলী (৩০) জহিৰ আলী (২৩)। ইয়াৰে আনোৱাৰ হুছেনৰ ঘৰ গোলাঘাটৰ খেৰবাৰীত।  আনহাতে সাগৰ আলীৰ ঘৰ বিজনীৰ নাঙল ভাঙাত আৰু ৰকিবুলৰ আলী আৰু জহিৰ আলীৰ ঘৰ বিজনীৰ কলিয়া গাঁৱত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে আটকাধীন যুৱক চাৰিজনৰ পৰা ভোটাৰ পৰিচয় পত্ৰ , মোবাইল , মানিবেগ আদিও উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে আটকাধীন যুৱক কেইজনক সোধ- পোছ অব্যাহত ৰাখিছে ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা