বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল

বিজেপি দলক এসেকা নিদিলে হয়তো আমি কোচ ৰাজবংশীসকল চিৰদিনৰ কাৰণে পংগু হৈ যাব লাগিব 

কমতাপুৰ আৰু জনজাতিকৰণ সন্দৰ্ভত বিজেপিকে ধৰি প্ৰতিটো ৰাজনৈতিক দলক ২৫ মাৰ্চৰ ভিতৰত নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান


বঙাইগাঁওঃ ২৩ মাৰ্চঃ আমি ইচ্ছা কৰিলে কি কৰিব নোৱাৰো ৷ এইখিনিয়ে হ'ল প্ৰকৃত সময় ৷ এই সময়খিনিয়ে হ'ল আমাৰ শক্তি ৷ আমি এই বিজেপি দলক এসেকা দিব লাগে ৷ যদি এয়া কৰা নহয় ,তেতিয়াহলে হয়তো আমি কোচ ৰাজবংশীসকল চিৰদিনৰ কাৰণে পংগু হৈ যাব লাগিব ৷ কাৰণ বিজেপিয়ে আমাৰ মাজত বিভিন্ন প্ৰলোভন দি গোট আদি সৃষ্টি কৰি ভাগ ভাগ কৰাকে ধৰি যি কৰি আছে সেয়া আমাৰ কোচ ৰাজবংশীসকলৰ কাৰণে চিন্তনীয় হৈ পৰিছে ৷ এই মন্তব্য আক্ৰাছু নেতৃত্বৰ ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়েজিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই এই মন্তব্য কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু যুটীয়া সাধাৰণ সম্পাদক কেশৱ ৰায়ে শাসনাধীন বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সামালোচনা কৰি কয় যে কোচ ৰাজবংশীসকলৰ মূল দাবী জনজাতিকৰণ, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু ভাষাকলৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহাৰ পিচতো ভাৰত চৰকাৰ তথা অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে কূট কৌশল ৰচনা কৰি যাতে আমি আন্দোলন কৰিব নোৱাৰো তাৰ বাবে বিজেপি চৰকাৰে আমাৰ মাজত এটা বিভাজন আনিলে ৷ কেৱল কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ( কেএচি) গঠন কৰিয়ে বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান হোৱা বুলি ভাবিছিল ৷ কিন্তু তেওঁলোকে এইটো ভাবিলেই নহ'ব ৷ কাৰণ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিকল্প কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ হ'ব নোৱাৰে ৷ কেএচি গঠন কৰিছে বাবে আমি চৰকাৰক আদৰণি জনাইছো ৷ কিন্তু কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণ আৰু কমতাপুৰৰ মূল দাবী সেই দাবী সন্দৰ্ভত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে ৷ ইয়াৰ আগতে এই বিষয়ত কেইবাবাৰো আলোচনা হৈছিল  আৰু ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত হৈছিল ৷ কিন্তু শেহতীয়াভাৱে বিজেপি চৰকাৰখনে এই বিষয়ৰ পৰা ফালৰি কাটি যোৱা যেন লাগিছে ৷ বিগত ২০১৪ চনৰ লোক সভা নিৰ্বাচনত আৰু ২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনত শাসনাধিস্থিত বিজেপি দলে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰলে ছয় মাহৰ ভিতৰতে জনজাতিকৰণ কৰা হ'ব বুলি বিভিন্ন নিৰ্বাচনী সভা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰতি দিছিল যদিও বিজেপি দলে কেন্দ্ৰ আৰু অসমত চৰকাৰ গঠন কৰাৰ পিছতেই মূৰ পোলোকা মাৰি কোচ ৰাজবংশী জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ৷ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমস্যা হৈয়ে থাকিল ৷ প্ৰধানমন্ত্ৰীয়ে দিয়া সময়সীমা কেতিয়াবাই উকলি গ'ল ৷ আনহাতে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ বিত্ত ,স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাঁচজনীয়া মন্ত্ৰীগোট গঠন কৰি দিছিল আৰু মন্ত্ৰী গোটে কোচ ৰাজবংশীৰ লগতে আন পাঁচটা জনগোষ্ঠীৰ জাতীয় সংগঠনেৰে কেইবাৰো আলোচনা কৰি এটা সমাধান সূত্ৰ উলিয়াইছিল যদিও আজিলৈকে মন্ত্ৰী গোটে জনজাতিকৰণ সংক্ৰান্তীয় প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল নকৰিলে ৷মন্ত্ৰীগোটত গঠন কৰি দিয়াৰ মূল উদ্দেশ্য আছিল যাতে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ যাতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি ৷ ইয়াৰ জৰিয়তে বিজেপি চৰকাৰৰ প্ৰকৃত মনোভাব তথা মিথ্যাচাৰ প্ৰতিপন্ন হ'ল ৷ সেইদৰে বিজেপি চৰকাৰৰ যে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সদিচ্ছা নাই সেয়া প্ৰকাশ পাইছে ৷ বিজেপিয়ে কেৱল মিছা কথা কয় ৷ নিৰ্বাচন আহিলেহে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কথা কয় ৷ 

সেয়ে সমাগত অসম বিধান সভা নিৰ্বাচনৰ আগতে কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ সন্দৰ্ভত বিজেপিকে ধৰি প্ৰতিটো ৰাজনৈতিক দলক ২৫ মাৰ্চৰ ভিতৰত নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান জনায় ৷ লগতে যদিহে ৰাজনৈতিক দলসমূহে স্থিতি স্পষ্ট নকৰে অথবা জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো যোগাত্মক দৃষ্টিভংগী  গ্ৰহণ নকৰে ,তেতিয়াহলে সেই দলৰ বিৰুদ্ধাচৰণ কৰিবলৈ বাধ্য হ'ব বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিছে ৷

ইপিনে যোৱা বিধান সভা নিৰ্বাচনত বিজেপি দলে জনজাতিকৰণৰ বিয়য়টোক মূল ইছ্যু হিচাপেলৈ ৰাজপাট দখল কৰিলে যদিও এইবাৰ নিৰ্বাচনী ইস্তাহাৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো গুৰুত্বই নাপালে বুলি কৈ নেতাদ্বয়ে ইয়াৰ পৰা বুজা যায় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ কোনো আগ্ৰহ নাই ৷ বৰং আমাৰ মাজত ভাগ ভাগ কৰি যাতে আমি আন্দোলন কৰিব নোৱাৰো তাৰ বাবে নানা কৌশল ৰচনা কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগ্ৰামী সত্বাটোক দুৰ্বল কৰাৰ বাবে লাগি পৰিছে ৷ সেয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলক সচেতন হবলৈ আহ্বান জনাই নেতাদ্বয়ে কয় যে যি বিজেপি চৰকাৰে তথা স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদন কৰিছিল  ৷ তেওঁলোকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ গতিকে জনগোষ্ঠীটোৰ ৰাইজে তেওঁলোকক এই বিষয়ত প্ৰশ্ন কৰা উচিত ৷ 

সেইদৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি কয় যে যোৱা সাত জানুৱাৰীত কেন্দ্ৰীয় ছহিদ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি কোচ ৰাজবংশী আন্দোলনত যিসকল ছহিদ হৈছিল তেওঁলোকৰ পৰিয়ালক পাঁচ লাখকৈ টকা আগবঢ়োৱাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল ৷ কিন্তু আজিলৈকে প্ৰদান নকৰিলে ৷ ছহিদকলৈ কিয় ৰাজনীতি কৰিব লাগে ৷ যদি দিবলৈ ইচ্ছা নাই ,তেতিয়াহলে ঘোষণা কৰিবই নালাগিছিল ৷ আমি তেওঁলোকৰ ওচৰত খুজিব যোৱা নাছিলো আৰু ছহিদ পৰিয়ালেও চৰকাৰৰ ওচৰত আবেগন কৰা নাছিল ৷ লগতে পৰিয়ালৰ এজন চাকৰি দিব বুলিও কৈছিল যদিহে চৰকাৰ গঠন কৰে ৷ চাকৰিতো দূৰৰে কথা বৰং যি আৰ্থিক সাহাৰ্য ঘোষণা কৰিছিল সেইখিনিও নিদিলে ৷ কোচ ৰাজবংশীসকলক বুৰ্বক সজাইছে ৷ গতিকে কোচ ৰাজবংশী জাতীয় আবেগক লৈ আৰু কোনো ৰাজনৈতিক দলক হেতালি খেলিব দিয়া নহ'ব ৷ নেতৃত্বই লগতে  পুনৰ স্পষ্ট কৰি দি কয় যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ বিকল্প নহয় ৷ গতিকে বিধান সভা নিৰ্বাচনৰ পিচতেই কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব ৷ 

উল্লেখ্য যে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অনুসূচীত জনজাতিকৰণৰ দাবীত চলা কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনক সবল নেতৃত্ব প্ৰদান কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দেওবাৰে বঙাইগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল ৷ কাৰ্যনিৰ্বাহক সভাত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ, কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনু্ছেদত অন্তৰ্ভূক্তিকৰণৰে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ইয়াৰ বাবে কিদৰে আন্দোলনটোক আগবঢ়াই লৈ যাব সেই বিষয়ে আলোচনা কৰা হয় ৷ লগতে সংগঠনটোৰ আগন্তুক ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৯ জুলাইত আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ কাৰ্যনিৰ্বাহক সভাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত হোহকা- পিছলা কৰি অহাটো অতি দুৰ্ভাগ্যজনক বুলি তাব্ৰ ক্ষোভ প্ৰকাশ কৰে  ৷

সংবাদ মেলত সংগঠনটোৰ উপ সভাপতি ক্ষীতিশ বৰ্মন , আন এগৰাকী যুটীয়া সাধাৰণ সম্পাদক সঞ্জয় ৰায় , সাংগঠনিক সম্পাদক কল্যাণ সিংহ আদিকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা