মোদী বনাম ৰাহুল, আজি উজনিত শক্তি প্ৰদৰ্শনৰ যুঁজ, ভীৰ গোটোৱাত ব্যস্ত দুয়োপক্ষ

ষ্টাফ ৰিপোৰ্টাৰ : আজি উজনিত দেশৰ ৰাজনৈতিক জগতৰ দুগৰাকীকৈ মহাৰথী মুখামুখি হব । দিনৰ ১ বজাত কংগ্ৰেছৰ হাই প্ৰফাইল নেতা ৰাহুল গান্ধীয়ে মৰিয়নীৰ দলীয় প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছত  ২.৩০ বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ হৈ গহপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। আনপিনে একেদিনাই  উজনি অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি ২.৩৫ বজাত চাবুৱাত উপস্থিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী পোণাকণ বৰুৱাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনকি আজি নিশাও প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটতে কটাব। তেনেস্থলত এই দুয়োগৰাকী মহাৰথীৰ প্ৰচাৰক লৈ তথা দলীয় সমৰ্থকৰ ভীৰ গোটোৱাক লৈ ব্যস্ত হৈ পৰিছে দুয়ো দলৰ স্থানীয় নেতা-কৰ্মীসকল

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা