অসমৰ সংখ্যালঘূ লোক বিজেপিৰ লগত আছে : কেন্দ্ৰীয় নেতা শ্বাহনাৱাজ হুছেইন
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ কেন্দ্ৰীয় সংখ্যালঘূ নেতা শ্বাহনাৱাজ হুছেইন ৷ অসমৰ সংখ্যালঘূ লোক বিজেপিৰ লগত আছে বুলি মন্তব্য সংখ্যালঘু নেতা গৰাকীৰ ৷
বিজেপিৰ কাৰ্যকালত অসমত যথেষ্ট উন্নয়ন হৈছে বুলি উল্লেখ কৰি উন্নয়নৰ স্বাৰ্থত এইবাৰো সংখ্যালঘূ ৰাইজে বিজেপিক ভোট দিব ৷ এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘূ নেতা তথা শাসকীয় দলটোৰ অসমৰ ষ্টাৰ কেম্পেইনাৰ শ্বাহনাৱাজ হুছেইনৰ ৷ বৰক্ষেত্ৰীৰ সংখ্যালঘূ অঞ্চলত বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে হুছেইনে ৷ শনিবাৰে বিধায়ক নাৰায়ণ ডেকাৰ হৈ বৰক্ষেত্ৰীত প্ৰচাৰ চলাই বিহাৰ চৰকাৰৰ উদ্যোগ মন্ত্ৰী গৰাকীয়ে ৷
সংখ্যালঘূ অধ্যুষিত চৰাঞ্চলৰ কুৰিহামাৰীত প্ৰচাৰ সভাত ভাগ লৈ সৰ্বভাৰতীয় নেতা গৰাকীয়ে প্ৰায় বাৰ হাজাৰ সংখ্যালঘূ লোকক সম্বোধন কৰে ৷
টিহুৰ পৰা কৰবী গোস্বামী
Comments
Post a Comment