বঙাইগাঁৱত 'কা' বাতিলৰ দাবীত আছুৰ মটৰ চাইকেল সমদল

বঙাইগাঁওঃ ২০ মাৰ্চঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ দাবীত আছু কৰ্মীসকলে এক মটৰ চাইকেল সমদল উলিয়ায় ৷ বঙাইগাঁও চহৰস্থিত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখৰ পৰা উলিওৱা এই সমদল চহৰখনক বিভিন্ন অঞ্চলক সামৰি লয় ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা এই মটৰ চাইকেল সমদলৰ জৰিয়তে আছু কৰ্মীসকলে ৰাইজৰ মাজত 'কা ' সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ সমদলকাৰীসকলে 'কা' বাতিলৰ দাবীৰ লগতে বিভিন্ন শ্লোগানো দিয়ে ৷ ইপিনে মটৰ চাইকেল সমদলত অংশ গ্ৰহণ কৰা জিলা আছুৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ ৰায় চৌধুৰীয়ে কয় যে বিজেপি দলে চৰকাৰ গঠন কৰাৰ সময়ত অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ইয়াৰ বিপৰীত দিশতহে কাম কৰি আছে ৷ সেয়ে আমি ইয়াৰ প্ৰতিবাদত তথা  'কা' বাতিল আৰু ছয় নং দফা কাৰ্যকৰী কৰাৰ দাবীত এই মটৰ চাইকেল সমদল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ মটৰ চাইকেল সমদল কাৰ্যসূচীত বঙাইগাঁও আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায় ,সাধাৰণ সম্পাদক জগদ্বীশ ৰায় আদিকে ধৰি আছুকৰ্মীসকলে অংশ গ্ৰহণ কৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা