উত্তৰ-পূৰ্বাঞ্চললৈ উষা ই আগবঢ়াইছে ক্ৰয়ৰ নতুন অভিজ্ঞতা, গুৱাহাটীত মুকলি কোম্পানী ষ্টোৰ
ষ্টাফৰিপোৰ্টাৰ, ভাৰতৰ অন্যতম বিশ্বাসযোগ্য আৰু আগশাৰীৰ গ্ৰাহকৰ পছন্দৰ ব্ৰেণ্ড উষা ইণ্টাৰনেশ্বনেলে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকক এক উন্নত ক্ৰয়ৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্য আজি গুৱাহাটীত মুকলি কৰিলে নতুন কোম্পানী ষ্টোৰ। ২০০০ বৰ্গ ফুট জুৰি গুৱাহাটীৰ জি.এছ. ৰোডত অৱস্থিত এই ষ্টোৰ ৰ আছে এক অনন্য মডুলাৰ গঠন যিয়ে ডিজাইনসমূহ সহজে গঢ়ি তোলা ত সক্ষম কৰি তুলিছে আৰু কেইঘণ্টামানৰ ভিতৰতে ষ্টোৰ ৰ সৌন্দৰ্য্য সুন্দৰ কৰি তুলিছে।
এই ষ্টোৰ মুকলি অনুষ্ঠানত উষা ইণ্টাৰনেশ্বনেলৰ ৰিটেইল ৰ সচিব, কপিল কোহলীয়ে কয়,"উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে সদায় উষা ব্ৰেণ্ড ৰ ওপৰত বিশ্বাস ৰাখি আহিছে আৰু এই নতুন ষ্টোৰে ৰাইজৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক পুনৰাই ৰক্ষা কৰিব পাৰিব আৰু এক উন্নত ক্ৰয়ৰ অভিজ্ঞতাৰ দ্বাৰা সন্মানিত কৰা হ'ব। গুৱাহাটী এই অঞ্চলৰ আমাৰ গ্ৰাহকসকলৰ বাবে ব্যৱসায়িক কেন্দ্ৰ আৰু ইয়ে সাংগঠনিক দিশত আমাৰ খুচুৰা ব্যৱসায়ক উন্নত কৰি গুৰুত্বপূৰ্ণ বজাৰ গঢ়ি তুলিব। নতুন উষা কোম্পানী ষ্টোৰে উত্তৰ পূৰ্বাঞ্চল জুৰি থকা আমাৰ গ্ৰাহক সকলৰ বৰ্ধিত আৰু অনন্য প্ৰয়োজন সমূহ পূৰণ কৰিব পাৰিব, শ্ৰেষ্ঠ উৎপাদন সামগ্ৰী আগবঢ়াই আৰু ঘৰ আৰু পাকঘৰৰ সকলো প্ৰয়োজনৰ ৱান-ষ্টপ-স্যলুশ্বন হিচাপে।"
এই ষ্টোৰে কোম্পানীৰ উৎপাদন সামগ্ৰীৰ উৎকৃষ্ট অভিজ্ঞতা ক্ষেত্ৰৰ দ্বাৰা উষাৰ সমগ্ৰ উৎপাদন সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰি এক উন্নত অভিজ্ঞতা প্ৰদান কৰে। উদ্ভাৱনীমূলক ইন-ষ্টোৰ ডিজাইনে সহজে গঢ়ি তোলা ত সহায় কৰে যিয়ে বিভিন্ন ঠাইত অৱস্থিত ব্ৰেণ্ড ষ্টোৰ সমূহৰ সামগ্ৰিক সৌন্দৰ্য্য আৰু অনুভৱক তুলি ধৰিছে। উষাৰ একেধৰণৰ কোম্পানী ষ্টোৰ কীৰ্তি নগৰ, দিল্লী আৰু জয়পুৰ ত অৱস্থিত।
ক'ভিড-১৯ ৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে অনলাইন মাধ্যম সমূহত গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱা সত্বেও গ্ৰাহক এ ক্ৰয়ৰ আগত এটি সামগ্ৰীৰ সম্পূৰ্ণ অভিজ্ঞতা উপভোগ কৰিব বিছাৰে। এই সকলো কথা মনত ৰাখি, উষা ই ইয়াৰ ষ্টোৰ আৰু ইয়াৰ সন্মুখ ভাগ গ্ৰাহকৰ সুৰক্ষা আৰু স্বাস্থ্য ক আগত ৰাখি ডিজাইন কৰিছে। এই নতুন ষ্টোৰে গ্ৰাহকক সুন্দৰ আৰু আকৰ্ষণীয় ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব, যেনে ক্যেচবেক অফাৰ, আৰু চিলাইৰ সামগ্ৰী লগতে উজে যন্ত্ৰ, আৰু অন্যান্য বহুতো।
Comments
Post a Comment