বঙাইগাঁৱত প্ৰিজাইডিং আৰু প্ৰথম পৰ্যায়ৰ প'লিং বিষয়াৰ মাজত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ লগে লগে প্ৰতিযোগিতা
বঙাইগাঁওঃ১৬মাৰ্চঃ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোত সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আজি পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈ দুটা ভাগত প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ লাভ কৰা প্ৰিজাইডিং আৰু প্ৰথম পৰ্যায়ৰ প'লিং বিষয়া সকলৰ ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভি.ভি.পেটৰ ব্যৱহাৰিকৰ ওপৰত আসোঁৱাহ তথা সন্দেহ দূৰ কৰাৰ লক্ষ্যৰে বঙাইগাঁও চহৰৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় । এই প্ৰশিক্ষণৰ মাজে মাজে প্ৰশিক্ষাৰ্থী সকলক থিতাতে ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভি.ভি.পেটৰ লগতে ভোটদান সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন কৰা হয় । প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়োতাক যথাস্থানতে পুৰস্কাৰ প্ৰদান কৰি প্ৰশিক্ষাৰ্থী সকল উৎসাহিত কৰি তোলা হয় । এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত পংকজ চামুৱা আৰু জিলা তথ্য বিষয়া বিজয় মজুমদাৰৰ লগতে মাষ্টাৰ প্ৰশিক্ষক সকলে । উল্লেখ্য যে ক'ভিড-১৯ প্ৰট'কল অনুসৰি প্ৰশিক্ষণস্থলী চেনিটাইজেশ্যন কৰা হয় আৰু প্ৰশিক্ষণস্থলৰ প্ৰৱেশ পথত প্ৰশিক্ষাৰ্থী সকলক থাৰ্মেল স্কেনিং কৰোৱাৰ উপৰিও সকলোকে মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰা হয় । আজি দুটা ভাগত সৰ্বমুঠ ৬৩৬ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।এই প্ৰশিক্ষণ কাৰ্যসূচীৰ লগতে নিৰ্বাচনৰ কামত নিয়োজিত বিভিন্ন বিভাগৰ এই বিষয়া সমূহে যাতে পোষ্টেল বেলটৰ জৰিয়তে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়।
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment