বিদ্যাভাৰতী,অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধশিশু শিক্ষা সমিতি,অসমৰ দ্বাৰা পৰিচালিত গুৱাহাটী বিভাগৰ প্ৰধানাচাৰ্য বাৰ্ষিক যোজনা বৈঠক সম্পন্ন

পঙ্কজ নাথ, চাংসাৰি, ১৩ মাৰ্চ :

শংকৰদেৱ শিশু/বিদ্যা নিকেতন ক্ষেত্ৰীত দুদিনীয়া কাৰ্য সূচীৰে শিশু শিক্ষা সমিতি,অসমৰ গুৱাহাটী বিভাগৰ প্ৰধানাচাৰ্য বাৰ্ষিক যোজনা বৈঠক ২০২১-২০২২ শীৰ্ষক নামেৰে এখন বৈঠক অনুষ্ঠিত হৈ যায় । গুৱাহাটী বিভাগৰ প্ৰায় ৭০ খন শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্যসকলে এই যোজনা বৈঠকত অংশগ্ৰহণ কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি শিশু শিক্ষা সমিতি, অসমৰ সভাপতি ডক্টৰ নিৰ্মল বৰুৱাদেৱে নিজৰ বক্তব্যত সংস্কাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আন্তৰিকতা অবিহনে সংস্কাৰ কেতিয়াও সম্ভৱ নহয় বুলি কয়। সভাত উপস্থিত থাকে শংকৰদেৱ শিশু/বিদ্যা নিকেতন,ক্ষেত্ৰীৰ পৰিচালনা সমিতিৰ সভাপতি নিপেন্দ্ৰ নাথ ফুকন তথা বিশিষ্ট শিক্ষাবিদ হেমেন্দ্ৰ নাথ ডেকা।সভাখন পৰিচালনা কৰে শিশু শিক্ষা সমিতি,অসমৰ গুৱাহাটী বিভাগৰ বিভাগ নিৰীক্ষক আশুতোষ বৰ্মন দেৱে।তেখেতক সহযোগ কৰে শিশু শিক্ষা সমিতি,অসমৰ পূৰ্ণকালীন কাৰ্যকৰ্তা  মনেশ্বৰ ৰাজবংশীয়ে ।বৈঠকৰ আৰম্ভণিত বালিকা শিক্ষাৰ ওপৰত এক সুন্দৰ বক্তব্য আগবঢ়াই গুৱাহাটী বিভাগৰ বালিকা শিক্ষা প্ৰমুখ  গীতাঞ্জলী দেৱীয়ে।উক্ত বৈঠকখন সফল কৰাৰ বাবে শংকৰদেৱ শিশু/বিদ্যা , ক্ষেত্ৰীৰ প্ৰধানাচাৰ্য  ডিম্বেশ্বৰ কুমাৰৰ নেতৃত্বত সকলো আচাৰ্য/আচৰ্যাই আন্তৰিকতাৰে সেৱা আগবঢ়ায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা