বঙাইগাঁৱত মহিলা ভোটগ্ৰহণকাৰী বিষয়াক বিশেষ প্ৰশিক্ষণ প্ৰদান

বঙাইগাঁওঃ ২১ মাৰ্চঃ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বঙাইগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে । সেই অনুসৰি শনিবাৰে দিনৰ ১১ বজাত নিৰ্বাচন প্ৰশিক্ষণ কোষৰ জৰিয়তে বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ত নিৰ্বাচনৰ বাবে নিয়োগ কৰা ৬৩ গৰাকী মহিলা ভোটগ্ৰহণকাৰী বিষয়াক ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভি.ভি.পেটৰ ব্যৱহাৰকে ধৰি যাৱতীয় দিশ সামৰি বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা  হয় । এই মহিলা ভোটগ্ৰহণকাৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে জিলা তথ্য বিষয়া বিজয় মজুমদাৰ আৰু অন্যান্য মুখ্য প্ৰশিক্ষকে। উল্লেখ্য যে ক'ভিড-১৯ ৰ প্ৰট'কল অনুসৰি প্ৰশিক্ষণস্থলী চেনিটাইজেশ্যন কৰা  লগতে প্ৰৱেশ পথত প্ৰশিক্ষাৰ্থী সকলক থাৰ্মেল স্কেনিং কৰাৰ লগতে সকলোকে মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰা হয় । প্ৰশিক্ষণস্থলীত  বঙাইগাঁও জিলাৰ  অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাও উপস্থিত থাকে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা