ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অধীনত বঙাইগাঁও জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

২ এপ্ৰিলত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ সোণালী বান্দৰৰ খাদ্যৰ  বাবে ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ গছ পুলি ৰোপন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি 


বঙাইগাঁওঃ ২৫ মাৰ্চঃ পৃথিৱী বিখ্যাত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ অন্যমত আবাস ভূমি হিচাপে পৰিচিত বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ ভূমিত ২ এপ্ৰিলত ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ খাদ্য উপযোগী গছ পুলি ৰোপন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড গঢ়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন তথা জিলা নিৰ্বাচনী বিষয়াই এক কাৰ্যসূচী হাতত লৈছে ৷ এই সন্দৰ্ভত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আয়োজিত এক সংবাদ মেলত জিলা উপায়ুক্ত তথা ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়া ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কয় যে আমি বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বিভিন্ন কাম - কাজ ৰূপায়ণৰ বাবে সোণালী বান্দৰক  নিৰ্বাচনৰ শুভাংকৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছো আৰু তাৰ নাম 'গোল্ডী' ৰাখিছো ৷ সেয়ে এতিয়া আমি গোল্ডীক অৰ্থাৎ সোণালী বান্দৰক লক্ষ্য কৰি এক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰি উলিয়াইছো ৷ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ কাষত যি ভূমি আছে সেই ভূমিত আমি সোণালী বান্দৰে যি ধৰণৰ খাদ্য খাই ভাল পায় সেই গছ পুলি ৰোপন কৰিবলৈ ওলাইছো ৷ আমি সোণালী বান্দৰক 'গোল্ডী' নামাকৰণ কৰি শুভাংকৰ প্ৰতীক হিচাপে বাচনি কৰাৰ দুটা উদ্দেশ্য আছে ৷ এটা হ'ল 'গল্ডী'ৰ জৰিয়তে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনৰ প্ৰতি সজাগতা সৃষ্টি কৰা আৰু দ্বিতীয়টো হ'ল বিশ্বৰ এই দুষ্প্ৰাপ্য জীৱকুলক সংৰক্ষণ কৰা ৷ সেয়ে এই দুয়োটা বিষয়ক গুৰুত্ব প্ৰদান কৰি আমি এই গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বিচাৰিছো ৷ জিলা উপায়ুক্তগৰাকীয়ে অহা ২ এপ্ৰিলত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ সংৰক্ষিত ভূমিত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টি হিচাপে ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ গছ পুলি ৰোপন কৰা হ'ব বুলি কয় ৷ উল্লেখ্য যে ইয়াৰ জৰিয়তে কম সময়ত এটা স্থানত অধিক গছ পুলি ৰোপনৰ অভিলেখ স্থাপন হ'ব ৷ এই গছ পুলি ৰোপন কাৰ্যসূচীত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ এটা বিশেষ দল উপস্থিত থাকি সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যৱেক্ষণ কৰি ৰেকৰ্ডৰ দিশটো নিৰ্ণয় কৰিব বুলিও কয় ৷ জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে সমাগত বিধান সভা নিৰ্বাচনত ৰাইজৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অংশ হিচাপে এই গছ পুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই কাৰ্যসূচীত বিধান সভা সমষ্টিটোৰ অন্তৰ্গত কমেও পাঁচশ ভোটাৰে অংশ গ্ৰহণ কৰিব ৷ ৰোপন কৰিবলগীয়া গছ পুলি সমূহৰ ভিতৰত আমলখী , বহেৰা , জাম ,গামাৰী , কৰৈ ,শিলিখা , ভটঘিলা , খাছিয়া বাদাম, পোমা , মধুৰীআম , লেতেকু ,কঠাল , আৰ্জুন ,ইউৰিয়াম , আজাৰ ,বকুল ,দেৱদাৰু , পনিয়াল , চজনা  আদি যিবোৰ সোণালী বান্দৰে খাদ্য হিচাপে গ্ৰহণ কৰে সেই গছৰ পুলি ৰোপন কৰা হ'ব আৰু প্ৰাকৃতিক আৱাসস্থলী হিচাপে গঢ়ি তোলা হ'ব ৷ জিলা উপায়ুক্তগৰাকীয়ে লগতে কয় যে এই গছ পুলি ৰোপন কাৰ্যটো মিয়াওয়াকি  ( MIYAWAKI)  উদ্ভাৱনী পদ্ধতিৰ ভিত্তিত ৰূপায়ণ কৰা হ'ব ৷ গছ- পুলি ৰোপনৰ বাবে যথাযত দূৰত্ব বজায় ৰখাৰ বাবে ঢীপ বনাই কৰাকে আদি কৰি সকলো প্ৰস্তুতি চলি আছে বুলিও কয় ৷ সংবাদ মেলত বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন , বঙাইগাঁও আইভেলী বন সংমণ্ডল প্ৰাধিকাৰী , ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া , বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত আছিল ৷


প্ৰণৱ কুমাৰ ডেকা 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা