কাইলৈৰ পৰা বঙাইগাঁও জিলাত বয়োজ্যেষ্ঠ নাগৰিকক ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

বঙাইগাঁওঃসমাগত অসম বিধানসভা নিৰ্বাচনৰ  পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাত অহা ২১ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ ক'ভিড -১৯ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হ'ব। এই অভিযানত ৬০ বছৰৰ উৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিকৰ লগতে ৪৫ বছৰৰ উৰ্ধৰ যিসকল ব্যক্তি মধুমেহ আৰু উচ্চ ৰক্তচাপ আদি ৰোগত ভুগি আছে তেওঁলোকক সাঙুৰি লোৱা হ'ব। এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান জিলাখনৰ ৩৩ টা স্বাস্থ্য কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈকে চলি থাকিব। উপযুক্ত নাগৰিক সকলক এই অভিযানত ভাগ লৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। বিশদভাবে জানিবলৈ নাগৰিকসকলে তেওঁলোকৰ নিকটৱৰ্তী  স্বাস্থ্য কেন্দ্ৰ বা জিলা প্ৰতিষেধক বিষয়া ৯৪৩৫০১৫১৮৫ ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা