জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পাল সহ পৰ্যবেক্ষকৰ উপস্থিতিত পূৰ্ণোদ্যমে চলিছে নিৰ্বাচনী কাম-কাজ

 
প্ৰতিবেদক, ৰঙিয়া,

ৰঙিয়া নিৰ্বাচনী জিলাৰ অধীনস্থ ৫৬ নং কমলপুৰ আৰু ৫৭ নং ৰঙিয়া বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন সাধাৰণ পৰ্যবেক্ষক ক্ৰান্ঠি কুমাৰ পতি আইএএছ, আৰক্ষী নীৰিক্ষক শৈলেশ কুমাৰ যাদৱ  আইপিএছ  আৰু ব্যয় পৰ্যবেক্ষক বৈশালী মালহোত্ৰা আইআৰএছ উপস্থিত হৈ ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ সকলো দিশৰ বুজ লয়। সাধাৰণ পৰ্যবেক্ষক ক্ৰান্ঠি কুমাৰ পতিয়ে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালৰ সহযোগত মহকুমাটোৰ সকলো কোষৰ বিষয় ববীয়া সকলৰ লগত আলোচনাত মিলিত হয়।আনহাতে স্বচ্ছ,নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ দিশতো চোৱাৰ বাবে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শৈলেশ কুমাৰ যাদৱে আৰক্ষী প্ৰশাসন আৰু মহকুমা প্ৰশাসনৰ লগত মিলিত হৈ চোৱাচিতাৰ দ্বায়িত্ব গ্ৰহণ কৰে। নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া বৈশালী মালহোত্ৰায়ে ৰঙিয়া মহকুমাৰ নিৰ্বাচন জিলাত উপস্থিত হৈ জিলা নির্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পাল প্ৰমুখ্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাম-কাজ সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে গঠিত নির্বাচনী কোষ সমূহৰ বিষয়-ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয়। তেওঁ বৈঠকত নিৰ্বাচনী কোষসমূহৰ কাম-কাজৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।দ্বিতীয় পৰ্যায়ৰ ১ এপ্ৰিলত হবলগীয়া কমলপুৰ আৰু ৰঙিয়াৰ বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী ব্যয় বা নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় কিবা ওজৰ-আপত্তি বা কিবা জানিবলৈ থাকিলে ৰঙিয়া নিৰ্বাচনী জিলাৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ক্ৰান্ঠি কুমাৰ পতি(৮৮২২১-৪৬৭১৮), আৰক্ষী নীৰিক্ষক ভাৰতীয় আৰক্ষী সেৱা বিষয়া শৈলেশ কুমাৰ যাদৱ,(৯৮৬৪১-৮৭৭৪৯) ,হিচাপ নিকাচ নীৰিক্ষক ভাৰতীয় ৰাজহ সেৱা বিষয়া বৈশালী মালহোত্ৰা (৬০০১১ -৬৯০৩৯)ৰ পৰা জানিব পাৰিব।এওঁলোক আটাই কেইগৰাকী পৰ্যবেক্ষকক মহকুমাধিপতি কাৰ্য্যালয়ৰ সমীপৰ আৱৰ্ত ভৱনত যোগাযোগ কৰাৰ উপৰিও উল্লেখিত মোবাইল নম্বৰ যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই ।
  প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা