৮৪ নং বটদ্ৰৱা সমষ্টিত নিৰ্বাচনী চমক দুই মূল প্ৰতিদ্বন্দী দল কংগ্ৰেছ- বিজেপিৰ ।

৮৪ নং বটদ্ৰৱা সমষ্টিত নিৰ্বাচনী চমক দুই মূল প্ৰতিদ্বন্দী দল কংগ্ৰেছ- বিজেপিৰ । 

প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ভিন্ন জনৰ ৷


দ্বীপেন শইকীয়াঃনগাঁওঃ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ তাকে লৈ তৎপৰ হৈ পৰিছে  প্ৰতিটো ৰাজনৈতিক দল তথা বিভন্ন নেতাসকল ৷ তাৰ লগতে এতিয়া এজনে আনজনলৈ বোকা ছটিওৱাৰ ৰাজনীতিও আৰম্ভ হৈ পৰিছে ৷ ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নেতা সকলৰ লেকামহীন আচৰণে সমাজখনক বাৰুকৈয়ে বোকাময় কৰি তুলিছে। সৰ্বসাধাৰণ ভোটাৰ ৰাইজক চলাহী আৰু প্ৰলোভনৰ ৰাজনীতিৰ জৰিয়তে আকৃষ্ট কৰিবৰ কাৰনে ৰণ ক্ষেত্ৰত নামি পৰিছে প্ৰাৰ্থী সকল । ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিটো এতিয়া নিৰ্বাচনী যুঁজ খন বেছ জমিউঠা দেখিবলৈ পোৱা গৈছে। কোনোবে যদি খেল পথাৰত নামি খেলুৱৈৰ ৰূপত নিজকে  ধৰা দিছে আনজনে আকৌ মানৱীয় প্ৰমূল্যবোধ ৰাজনীতিৰে ভোটাৰ ৰাইজৰ কাষ চাপিছে । শেহতীয়াকৈ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যক বিবেক বান ভোটাৰ ৰাইজৰ লগতে সচেতন মহলৰ চকু কপালত তুলিছে । সকলোৱে বিজেপি প্ৰাৰ্থী গৰাকীয়ে নেত্ৰী গৰাকীৰ প্ৰতি দেখুওৱা আচৰণক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । ৰাজ্য খনত ৰাজনৈতিক দল সমূহে মূল্যবোধৰ ৰাজনীতিৰ সলনি কেৱল ক্ষমতাসৰ্বস্ষ ৰাজনীতিত দলৰ নেতা সকল নিমৰ্জিত হৈ পৰিছে । সমষ্টিটোৰ ভোটাৰ ৰাইজক নাচি বাগি মন জয়ৰ নিতৌ চেষ্টা অব্যাহত ৰাখছে বিজেপি বিধায়িকা গৰাকীয়ে । আনহাতে অৱসৰপ্ৰাপ্ত বিডিঅ তথা কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থী শিৱামনি বৰাও পিছ পৰি ৰোৱা নাই নিৰ্বাচনী ৰণ ক্ষেত্ৰত । সমষ্টি টোৰ চূকেকূনে প্ৰাৰ্থী গৰাকী সোমাই পৰি ঘৰে ঘৰে ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টাত নামি পৰিছে । কংগ্ৰেছ দলৰ পাচ গেৰাণ্টি লগত লৈ প্ৰাৰ্থী গৰাকী ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা