চৰকাৰ গঠন কৰিলে লাভ জিহাদ আৰু লেণ্ড জিহাদ বন্ধ কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰা হ'ব- জানকী খাউণ্ড

বঙাইগাঁৱত বিজেপিৰ সংকল্প পত্ৰ সন্দৰ্ভত সংবাদ মেল
পাঁচ বছৰত গোটেইখিনি সমস্যা সমাধান কৰিবলৈ সময় কম হ'ল 


বঙাইগাঁওঃ২৫ মাৰ্চঃ সমাগত অসম বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ ' সংকল্প পত্ৰ ' খন আজি দলটোৰ বঙাইগাঁও জিলা কাৰ্যলয়তো মুকলি কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁৱৰ দেউৰীপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ জানকী খাউণ্ডে দলটোৱে প্ৰকাশ কৰা নিৰ্বাচনী সংকল্প পত্ৰত সন্নিবিষ্ট মূল দহটা সংকল্পৰ বিষয়ে আলোকপাত কৰে ৷ ৰাজ্যিক মুখ্য পাত্ৰ গৰাকীয়ে কয় যে এখন বিকশিত , সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম গঢ়াৰ লক্ষ্যৰে বিজেপি দলে ২০১৬ চনৰ পৰাই জাতি- মাটি- ভেঁটি ৰক্ষাৰ উদ্দেশ্যে অহোপুৰুষাৰ্থে চেষ্টাৰ কোনো ক্ৰটী এৰা নাই ৷ তাৰে প্ৰেক্ষাপটত দলে গুৰুত্বসহকাৰে দহটা প্ৰগতিশীল সংকল্প হাতত লৈছে ৷ অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ বিজেপি দল পুনৰ এবাৰ শাসনলৈআহিব বুলি আশা ৰাখিছো ৷ লগতে এই সংকল্পসমূহ আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ মুখপাত্ৰগৰাকীয়ে সংকল্প পত্ৰত সন্নিবিষ্ট বানমুক্ত অসম গঢ়াৰ সংকল্পৰ কথা উল্লেখ কৰি কয় যে দেশ স্বাধীন হোৱাৰ প্ৰায় ৭০ বছৰৰ পৰাই আমি বান সমস্যাৰ পৰা পৰিত্ৰাণ নাপালো ৷ আমি পাঁচটা বছৰ সময় পাইছিলো যদিও পূৰ্বৰ চৰকাৰে প্ৰশাসনক যেনে এটা অৱস্থাত এৰি থৈ গৈছিল সেই অৱস্থাৰ উন্নত কৰাৰ বাবে কিছু সংশোধন কৰিলোঁ আৰু তাৰ পাছত প্ৰগতিৰ বাটতত যাত্ৰা আৰম্ভ কৰিলোঁ ৷ পাঁচ বছৰত গোটেইখিনি সমস্যা সমাধান কৰিবলৈ সময় কম হ'ল ৷ সেয়ে ৰাইজৰ আশীৰ্বাদত পুনৰ চৰকাৰ গঠন কৰিলে আমি পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ  কৰিম ৷ আনহাতে গৰাহখনীয়াও এটা ডাঙৰ সমস্যা আছিল বুলি কৈ গৰাখহনীয়াক পঞ্চদশ বিত্তীয় আয়োগত ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে মান্যতা দিয়া হৈছে বুলি কয় আৰু ইতিমধ্যে ইয়াৰ বাবে কিছু ধন চৰকাৰে লাভ কৰা বুলি কয় ৷ মুখপাত্ৰগৰাকীয়ে সংকল্প পত্ৰত সন্নিবিষ্ট অৰুণোদয় আঁচনি , নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা , অসমৰ  শিশুসকলৰ এক উজ্বল ভৱিষ্যৎ নিশ্চিত কৰি তোলা ,সংশোধিত এন আৰ চিৰ সোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা , সমষ্টি  সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰা , অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভৰশীল কৰি গঢযি তোলা ,অসমক ভাৰতৰ ভিতৰত দ্ৰুত কৰ্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা, অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিতা সমৃদ্ধি ৰাজ্য হিচাপে গঢ়ি তোলা আৰু অসমৰ নাগৰিকসকলক ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলা সংকল্প সন্দৰ্ভত আলোকপাত কৰি পুনৰ চৰকাক গঠন কৰিলে এই সংকল্পসমূহ পূৰণ কৰা হ'ব বুলিও কয় ৷ আনহাতে চৰকাৰ গঠন কৰিলে বৈষ্ণৱ সংস্কৃতিৰ স্থানসমূহ অৰ্থাৎ সত্ৰসমূহ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈ চলৈই যাম ৷ ইয়াৰ উপৰিও অনুসূচীত জাতিৰ লোকসকলক ভূমি পট্টা প্ৰদানৰ এটা আঁচনিও আছে ৷ সেইদৰে লাভ জিহাদ আৰু লেণ্ড জিহাদ বন্ধ কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰা হ'ব বুলিও কয় ৷ মহিলাসকলৰ কাৰণে কনকলতা আঁচনি ৰূপায়ণ কৰাৰ কথাও উল্লেখ কৰে ৷ লগতে আৰু কিছুমান সংকল্প লোৱা বুলিও উল্লেখ কৰে ৷ ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিয়য়টো এইবাৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নকৰা সন্দৰ্ভত সাংবাদিকে মুখপাত্ৰগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ যি প্ৰচেষ্টা চলি আছে আমি অতিশীঘ্ৰে সুফল পাম বুলি ভাবিছো ৷ জনজাতিকৰণৰ বিধেয়কখন ৰাজ্য সভাত আছে ৷ কিন্তু বিষয়টো এই কাৰণে পলম হৈছে যে বৰ্তমান যিসকল জনজাতি লোক আছে তেওঁলোকৰ অধিকাৰ যাতে হ্ৰাস নাপায় আৰু ভোগ কৰি থকা অধিকাৰ যাতে খৰ্ব নহয় সেই দিশটোৰ ওপৰত গুৰুত্ব দিবলগীয়া হোৱাৰ বাবেই কিছু পলম হোৱা বুলি কৈ চেষ্টা চলি থকা বুলিও কয় ৷ আনহাতে ৩৩ শতাংশ মহিলা সংৰক্ষণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত্তোৰত মুখপাত্ৰগৰাকীয়ে কয় যে পঞ্চায়তত এই ব্যৱস্থাটো আছে যদিও আমি অন্যান্য ৰাজনৈতিক ব্যৱস্থাতো প্ৰয়োগ হওক ৷ এই চেষ্টাটো কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ হৈছিল যদিও তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ এতিয়াও এই বিধেয়কখন ৰাজ্য সভাত গৃহীত হোৱা নাই ৷ কিন্তু কৰি দেখুৱাম ৷ কাৰণ আমি মহিলাৰ সন্দৰ্ভত বহুকেইখন আইন আনিছো বুলিও কয় ৷ সংবাদ মেলত দলটোৰ ৰাজ্যিক সমবায় কোষৰ উপ আহ্বায়ক দিলজিৎ বৰ্মন , জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী , বঙাইগাঁও জিলা বিজেপিৰ সংবাদ মাধ্যম কোষৰ আহ্বায়ক দীনেশ সৰকাৰ আদি উপস্থিত আছিল ৷ 
প্ৰণৱ কুমাৰ ডেকা 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা