ৰঙিয়াত ১৫,৩২৮গৰাকী লোকে সমস্বৰে ভোটদানৰ শপত লৈ ৰচিলে অভিলেখ

জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালৰ আহ্বানত ২৭৩ গাঁৱ সহ ৰঙিয়া চহৰত ভোটদানৰ শপত

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,২৬ মাৰ্চঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ "প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কাৰ্যক্ৰম"হিচাপে ৰঙিয়া নিৰ্বাচন জিলা প্ৰশাসনৰ আহ্বানত  আজি ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ১৫,৩২৮  গৰাকী লোকে সমস্বৰে নিৰ্বাচনত ভোটদানৰ শপত গ্ৰহণ কৰি এক অভিলেখ ৰচনা কৰে । জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে,ভা:প্ৰ: সে:,অহা পহিলা এপ্ৰিল বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিৰ্বাচনী জিলাখনৰ   সকলো ভোটাৰকে ভোটদানৰ বাবে শপত ল'বলৈ  জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই  আজি ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ২৭৩ খন গাঁৱৰ লগতে ৰঙিয়া চহৰত এই ব্যাপক শপত গ্ৰহণ কাৰ্য্যাসূচী অনুষ্ঠিত হয়।   সম্পূৰ্ণ ক'ভিড নীতি- নিৰ্দেশনা মানি চলি মুখত মাস্ক পৰিধানেৰে শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয় প্ৰাঙ্গণৰ পৰা নিয়ন্ত্ৰণ কৰা এই কাৰ্যসূচীত শপত বাক্য পাঠ কৰায় জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে। মহকুমা তথ্য আৰু জনসংযোগ বিষয়া তথা মিডিয়া কোষৰ তত্বাৱধায়ক হেমন্ত কুমাৰ শৰ্মাই মহকুমাধিপতি কাৰ্য্যালয় প্ৰাঙ্গণৰ উদ্যানত আজি দিনৰ ১১বজাত ৰঙিয়া নিৰ্বাচন জিলাখনৰ বিভিন্ন নিৰ্বাচন কোষৰ বিষয়া-কৰ্মচাৰী সকল আৰু ৰাইজৰ উপস্থিতিত আত ধৰা এই শপত গ্ৰহণ কাৰ্য্যসূচীত ভাগ লয়- কমলপুৰ বিধানসভা সমষ্টিৰ আৰ অ' তথা ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, নিৰ্বাচন বিষয়া  হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্ত চম্পক ডেকা, কেশৱানন্দ টাইড, অম্লান বৈশ্য, ব্যয় নিৰীক্ষণ কোষৰ তত্বাৱধায়ক তথা কোষাগাৰ বিষয়া ৰাজ কুমাৰ পাঠকে আদিয়ে । শপত গ্ৰহণ সমাপনৰ পিছতে জন-গণ-মনৰ সুৰ পৰিবেশন কৰি এক আটকধুনীয়া পৰিৱেশ গঢ়ি তোলা হয়। ইয়াৰ পিছতে জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালৰ নিৰ্দেশ মৰ্মে মিডিয়া কোষৰ তত্বাৱধায়ক শৰ্মাই অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰঙিয়া নিৰ্বাচন জিলাৰ ভোটগ্ৰহণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আৰু নীতি -নিয়মৰ বিষয়ে সমবেত ৰাইজক অৱগত কৰে। একেটা সময়তে আজি ৰঙিয়া চহৰত  জনসংযোগৰ স্থিৰ অনুভাষ যন্ত্ৰ যোগে এই শপত বাক্য সম্প্ৰচাৰ  কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা