গোৱালপাৰাৰ ৪ বিধান সভা সমষ্টিত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ মাৰ্চঃমনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ২২ মাৰ্চঃঃ ভোটগ্ৰহণ ৬ এপ্ৰিলত
গোৱালপাৰা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৩৬ নং দুধনৈ (জনজাতি), ৩৭ নং গোৱালপাৰা পূৱ, ৩৮ নং গোৱালপাৰা পশ্চিম আৰু ৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ বাবে অহা ৬ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে যোৱা ১২ মাৰ্চ তাৰিখে অধিসূচনা জাৰি কৰা হৈছে ৷ সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে ১৯ মাৰ্চৰ বিয়লি ৩ বজা পৰ্যন্ত ৷ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ২০ মাৰ্চ শনিবাৰে আৰু ২২ মাৰ্চ ৩ বজা পৰ্যন্ত প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ৷ উল্লেখ্য যে, এই সমষ্টি কেইটাত মনোনয়ন দাখিল কৰিব বিচৰা প্ৰাৰ্থী সকলক নিৰ্বাচনী আচৰণ বিধি মানি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গোৱালপাৰা জিলাৰ জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাই সকলোকে আহ্বান জনাইছে ৷ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ নিৰ্ধাৰিত দিনৰ ১১ বজাৰ পৰা ৩ বজা পৰ্যন্ত গোৱালপাৰা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ লগত দুগৰাকী ব্যক্তিহে ৰিটাৰ্ণিং বিষয়াৰ কোঠাত প্ৰৱেশ কৰিব পাৰিব ৷ উল্লেখ্য যে , উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ ৰুম নম্বৰ ১ (এক)ত ৩৬ নং দুধনৈ (জনজাতি) সমষ্টিৰ বাবে মনোনয়ন পত্ৰ গ্ৰহণ কৰিব ৰিটাৰ্ণিং বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অশ্ৰুমণি মালাকাৰে ৷ ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ ৰুম নম্বৰ ২ (দুই) ত উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া বৰ্ণালী ডেকাই মনোনয়ন গ্ৰহণ কৰিব ৷ ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ ভূমি মহলাৰ ৰুম নং ৩ ( তিনি)ত ৰিটাৰ্ণিং বিষয়া তথা জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াই মনোনয়ন গ্ৰহণ কৰিব ৷ ৩৯ নং জলেশ্বৰ সমষ্টিৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ ভূমি মহলাৰ ৰুম নং ৪ (চাৰি) ত অতিৰিক্ত উপায়ুক্ত (১) দিবাকৰ নাথৰ ওচৰত মনোয়ন পত্ৰ দাখিল কৰিব পাৰিব ৷ আনহাতে
, আজিৰে পৰা পাঁচটা স্থানত প্ৰিজাইডিং পলিং বিষয়া সকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
Comments
Post a Comment