নিৰ্বাচনত কোচ ৰাজবংশী ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান আক্ৰাছুৰ

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন - জনজাতিকৰণ সন্দৰ্ভত বিজেপিকে ধৰি কোনো ৰাজনৈতিক দলে স্পষ্ট নকৰিলে স্থিতি

নিৰ্বাচনত কোচ ৰাজবংশী ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান আক্ৰাছুৰ 

বিজেপিক সমৰ্থন কৰা বুলি একাংশই ৰাইজৰ মাজত চলাইছে অপপ্ৰচাৰ 

বঙাইগাঁওঃ২৬ মাৰ্চঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচীত জনজাতিকৰণৰ দাবী সমাধানৰ ক্ষেত্ৰত বিজেপি দলৰ লগতে ৰাজনৈতিক দল সমূহক তেওঁলোকৰ স্থিতি ২৫ মাৰ্চৰ ভিতৰত স্পষ্ট কৰিবলৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনাইছিল যদিও কোনো এটা ৰাজনৈতিক দলে স্থিতি স্পষ্ট নকৰাতো চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে সংগঠনটোৱে ৷ সেয়ে এইবাৰ বিধান সভা নিৰ্বাচনত জনগোষ্ঠীটোৰ ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই জনগোষ্ঠীটোৰ ৰাইজলৈ এই আহ্বান জনায় ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে জনজাতিকৰণৰ বিষয়টো বিজেপি দলৰ নিৰ্বাচনী ইছ্যু আছিল ৷ আনকি আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে ইমান দিনে চৰকাৰ গঠন কৰিলেই জনজাতিকৰণ কৰিম বুলি নিৰ্বাচনী সভা- সমিতি আৰু ইস্তাহাৰত প্ৰকাশ কৰি মিছা প্ৰতশ্ৰুতি দি আছিল যদিও চৰকাৰ গঠন কৰাৰ পিচতে বিভিন্ন অজুহাত দেখুৱাই প্ৰতাৰণা কৰি আহিছে ৷ বিজেপি দল আৰু চৰকাৰেও জনগোষ্ঠীটোক আশা দি প্ৰতাৰণা কৰিলে ৷ তৎস্বত্বেও এইবাৰ অসম বিধান সভা নিৰ্বাচনত সকলো ৰাজনৈতিক দলে তেওঁলোকৰ সভা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণৰ দাবী সমাধান কৰাৰ কথা গুৰুত্বসহকাৰে উল্লেখ কৰিব বুলি আমি আশা কৰিছিলো যদিও সেই আশা ভংগ কৰিলে ৷ বিশেষকৈ শাসকীয় বিজেপি দলে জনজাতিকৰণৰ বিষয়টো গুৰুত্বসহকাৰে ল'ব বুলি আশা কৰিছিলো যদিও অতি দুৰ্ভাগ্যজনক ভাবে বিজেপি দলে নিৰ্বাচনী সভা - সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নকৰি কোচ ৰাজবংশী জনগোষ্ঠীক চৰমভাবে উপলুঙা কৰিলে ৷ ইয়ে প্ৰমাণিত কৰিলে যে যোৱা দুটা লোক সভা নিৰ্বাচন আৰু যোৱা বিধান সভাৰ নিৰ্বাচনত ছয় মাহৰ ভিতৰত জনজাতিকৰণৰ দাবী সমাধানৰ কথা কোৱা বিজেপি দল আৰু চৰকাৰৰ চৰম মিথ্যাচাৰ৷ সেয়ে এইবাৰ অসম বিধান সভা নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক প্ৰতাৰণা ,প্ৰৱঞ্চনা  কৰা দলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় ৷ আনহাতে জনজাতিকৰণৰ বিষয়টো বহুখিনি আগবাঢ়িছে বুলি কেইজনমান প্ৰাক্তন আক্ৰাছু নেতাই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য সন্দৰ্ভত সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে যদি সঁচাকৈ সকলো নথি- পত্ৰ প্ৰস্তুত হৈছে , তেতিয়াহলে চৰকাৰে কিয় এবাৰো বিষয়টো সন্দৰ্ভত উল্লেখ নকৰিলে ৷ আচলতে চৰকাৰৰ সদিচ্ছা নাই ৷ কাৰণ সংসদ কংগ্ৰেছ দলৰ সাংসদৰ প্ৰশ্নত্তোৰত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্দ্ধাৰণ কৰা নাই বুলি চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা কথাই সকলো বুজাই দিছে ৷ চৰকাৰে কিয় নিৰ্দিষ্ট সময় দিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ সভাপতিগৰাকীয়ে লগতে কয় যে নিৰ্বাচনী সভাবোৰত প্ৰধান মন্ত্ৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়ভাগ মন্ত্ৰী আৰু দলৰ নেতা আহি অসমত ভাষণ দি আছে যদিও এবাৰো জনজাতিৰণৰ বিষয়টো কাৰো ভাষণত উল্লেখ কৰা দেখা নগ'ল ৷ বান পানী আদিৰ কথা কয় যে যদিও বানপানীক আজিও ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিলে ৷ গতিকে কেৱল ভাষণ দিলেই সকলো শেষ নহয় ৷ কৰি দেখুৱাব লাগে ৷ আজি উন্বনয়নৰ কথা কয় ,কিন্তু খাদ্য সামগ্ৰীকে ধৰি বয় - বস্তুৰ যি হাৰত মূল্যবৃদ্ধি হৈছে এয়া সৰ্বসাধাৰণ ৰাইজৰ কাৰণে চিন্তনীয় বিষয় হৈ পৰিছে ৷ আনহাতে সংগঠনটোৰ উপ সভাপতি ক্ষীতিশ বৰ্মনে ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাই কয় যে যাতে আগলৈ কোনো চৰকাৰে আমাক প্ৰতাৰণা আৰু লাঞ্চনা - বঞ্চনা নকৰে তাৰ বাবে এসেকা দিব লাগিব ৷ অন্যথা আমাৰ গত্যন্তৰ নাই ৷ ইপিনে নিজকে আক্ৰাছু বুলি কৈ একাংশই বিজেপি দলক সংগঠনটোৱে পূৰ্ণ সমৰ্থন দিয়া বুলি  ৰাইজৰ মাজত অপপ্ৰচাৰক চলোৱা বুলি কৈ আক্ৰাছুৱে বিজেপি বা কোনো ৰাজনৈতিক দলকে সমৰ্থন জনোৱা নাই বুলিও স্পষ্ট কৰি দিয়ে ৷  লগতে আৰু কয় যে নিজকে আক্ৰাছু বুলি কোৱা নেতাজনক কিছুদিন পূৰ্বে চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ পদ দিয়া হৈছে ৷ সেই অনুসৰি বিভিন্ন জিলালৈ গৈ সম্বৰ্ধনা গ্ৰহণ কৰি আছে আৰু চৰকাৰি প্ৰতিনিধি হিচাপে বিজেপিৰ সভা - সমিতিতো উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ৷ আনকি বিজেপি দলৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সময়তো বিজেপিৰ হৈ সভাত ভাষণ দিছিল ৷গতিকে তাৰ পিচতো যদি নিজকে সংগঠনটোৰ সাধাৰণ সম্পাদক হিচাপে ক'ব বিচৰে ,তেতিয়াহলে সেয়া দুৰ্ভাগ্যজনক ৷ তেওঁক ইতিমধ্যে সন্মানে সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে বুলিও কয় ৷ সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই পুনৰ স্পষ্ট কৰি দি কয় যে আক্ৰাছুই বিজেপি বা আন কোনো ৰাজনৈতিক দলকে এতিয়ালৈকে সমৰ্থন কৰা নাই ৷ কিন্তু সংবাদ মাধ্যমত দেখিবলৈ পাইছো যে কেইজনমান প্ৰাক্তন আক্ৰাছু নেতাই নিৰ্লজ্বভাৱে সংবাদ মেল অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ বিজেপি দলক সমৰ্থন কৰা বুলি প্ৰকাশ কৰিছে ৷ সেয়ে এইখিনিতে আমি আক্ৰাছুৱে স্পষ্ট কৰি দিও যে ইতিমধ্যে সংগঠনৰ সাংবিধানিক নীতি অনুসৰি বাধ্যতামূলক অব্যাহতি দিয়া সদ্য প্ৰাক্তন আক্ৰাছু নেতা তথা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ দায়িত্ব প্ৰাপ্ত পাৰিষদসকলৰ বক্তব্য আক্ৰাছুৰ নহয় ৷ সেয়া তেওঁলোকৰ  সম্পূৰ্ণ ব্যক্তিগত মতামত ৷ যিহেতু সেইসকল ব্যক্তি চৰকাৰী বিষয়বাব পোৱাৰ পিছত আক্ৰাছুৰ সংবিধান মতে তেওঁলোকক সংগঠনৰ পৰা বাধ্যতামূলক অব্যাহতি দিয়া হৈছিল, গতিকে অনাগত দিনত নিজকে স্বয়ম্ভূ আক্ৰাছুৰ নেতা বুলি তেনে ধৰণৰ সংবাদ মেল অনুষ্ঠিত কৰি ৰাইজক বিভ্ৰান্ত কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ৷ লগতে কয় যে তেওঁলোকৰ যদি ইমানেই জাতিৰ প্ৰতি দায়বদ্ধতা আছে তেতিয়াহলে কিয় ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰি কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী সমাধান নোহোৱালৈকে কোনো ধৰণৰ চৰকাৰী বিষয় বাব গ্ৰহণ নকৰো বুলি ঘোষণা কৰা নাছিল ? আক্ৰাছু কাৰো ব্যক্তিগত সংগঠন নহয় যে যাৰ যি মন যায় কৰি যাব ৷ আক্ৰাছু কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন ৷ কোনোবাই আক্ৰাছুৰ গৰিমা ,অৰাজনৈতিক ভাৱমূৰ্তিত কালিমা সানিব বিচাৰিলে সহ্য কৰা নহ'ব ৷ সেয়ে সংশ্লিষ্ট প্ৰাক্তন আক্ৰাছু কেইজনক আক্ৰাছু আৰু জাতিধ্বংসী কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ   পুনৰ সকিয়াই দিয়ে ৷ অন্যথা তেনে ব্যক্তিৰ বিৰুদ্ধে সুবিচাৰ কৰিবলৈ ৰাইজৰ ওচৰ চাপিবলৈ আক্ৰাছুৰ নেতৃত্ব বাধ্য হ'ব বুলিও কয় ৷ লগতে গোকুল বৰ্মন বৰ্তমান আক্ৰাছুৰ কোনো পদত নাই বুলিও সংগঠটোৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে ৷ সংবাদ মেলত আক্ৰাছুৰ যুটীয়া সাধাৰণ সম্পাদকদ্বয় কেশৱ ৰায় আৰু সঞ্চয় ৰায় , সাংগঠনিক সম্পাদক কল্যাণ সিংহ আদিকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা