ওদালগুৰি জিলাত স্কিল ডেভেলপমেণ্ট অনুষ্ঠানৰ দ্বাৰা ১০০ খন তকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ


১১৪ গৰাকী শিক্ষাৰ্থীক কৌশল বিকাশ পাঠ্যক্ৰম - কাপোৰ চিলোৱা, বিউটিচিয়ান আৰু মেক্‌-আপ আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে সম্বৰ্ধনা জনোৱা হয় আৰু মেধা সম্পন্ন শিক্ষাৰ্থীসকল সা-সৰঞ্জাম প্ৰদান কৰা হয়।



ষ্টাফৰিপোৰ্টাৰ, দহ বছৰৰ যাত্ৰাৰ অন্যতম শ্ৰেষ্ঠ সৌৰ শক্তি কোম্পানী আৰু ভাৰতৰ প্ৰথম ব্যক্তিগত খণ্ডৰ সৌৰ শক্তিৰ কাৰ্যকৰী কোম্পানী এজিউৰ পাৱাৰ যিয়ে ২০০৯ চনত সৌৰ প্ৰকল্প স্থাপন কৰিছিল, এ আজি ১১৪ গৰাকী শিক্ষাৰ্থীক কৌশল বিকাশ পাঠ্যক্ৰম - কাপোৰ চিলোৱা, বিউটিচিয়ান আৰু মেক্‌-আপ আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰম ত উত্তীৰ্ণ হোৱাৰ বাবে ইয়াৰ সৰ্ভা হেৰুৱা কৌশল বিকাশ কেন্দ্ৰ, ওদালগুৰিত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ৰঙিয়া খণ্ডৰ প্ৰৱন্ধক শ্ৰী চন্দন বৰা আৰু লগতে উপস্থিত থাকে স্থানীয় গ্ৰামাঞ্চলৰ সন্মানীয় ব্যক্তি,  সৰ্ভা হেৰুৱা জোন্‌শ্চাৰ ক্লাবৰ সভাপতি খৱৰ্মশ্বা বসুমতাৰী আৰু সম্পাদক ৰমন ব্ৰক্ষ্মা, আৰু স্থানীয় গাঁওৰ সভাপতি অমৰ ব্ৰক্ষ্মা আৰু সম্পাদক বজ্ৰ নাৰ্জাৰী, যিয়ে প্ৰমানপত্ৰ আৰু মেধা সম্পন্ন শিক্ষাৰ্থীসকলক সা-সৰঞ্জাম প্ৰদান কৰে।

এজিউৰ পাৱাৰৰ ওদালগুৰিস্থিত স্কিল ডেভেলপমেণ্ট কেন্দ্ৰত স্থানীয় লোকসকলক কাপোৰ কটা-মেলা আৰু চিলোৱা, বিউটিচিয়ান আৰু মেক্‌-আপ আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় যি আজি দৈনিক উপাৰ্জনৰ মূল উৎস হৈ পৰিছে আৰু স্থানীয় লোকৰ বাবে ভৱিষ্যতৰ বাবে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে।

শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা সম্পৰ্কে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ৰঙিয়া খণ্ডৰ প্ৰৱন্ধক শ্ৰী চন্দন বৰা ই কয়,”স্থানীয় লোকৰ বাবে এজিউৰ পাৱাৰ যি অৱদান আগবঢ়াইছে সেয়া দেখিবলৈ পায় অত্যন্ত সুখী হৈছো। স্কিল ডেভেলপমেণ্ট কেন্দ্ৰত আগবঢ়োৱা এই কৌশলগত শিক্ষাৰ দ্বাৰা লাভ কৰা  কৰ্ম সংস্থাপনে জনসাধাৰণক  বহু দূৰলৈ আগবঢ়াই নিব আৰু উন্নত জীৱন যাপনত সহায় কৰিব।“

এজিউৰ পাৱাৰ মুখ্য বহনক্ষমতা বিষয়া সুমিট বাৰাট এ কয়,”এজিউৰ পাৱাৰত বহনক্ষমতা ই কেৱল স্বচ্ছ আৰু বহনক্ষম শক্তি কেই সামৰি নলয়, ইয়াৰ লগতে দ্বায়িত্বশীল সামাজিক পদ্ধতিৰে সম্প্ৰদায়সমূহৰ স্বাস্থ্য বিকাশতো গুৰুত্ব দিয়ে। এই প্ৰতিশ্ৰুতিকেই সাৰোগত কৰি, আমাৰ স্কিল ডেভেলপমেণ্ট কেন্দ্ৰসমূহে হিতাধীকাৰীসকলক তেঁওলোকৰ জীৱন-ধাৰণক উন্নত কৰিবলৈ সহায় আগবঢ়াইছে। ইয়ে আমাৰ প্ৰসাৰিত এজিউৰ পৰিয়ালৰ সদস্য আমাৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ জীৱন গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে।“

কোম্পানীয়ে বৰ্তমান অসমৰ তিনিখন জিলাত স্কিল ডেভেলপমেণ্ট কেন্দ্ৰ সঞ্চালন কৰি আহিছে যিয়ে ৫০০ তকৈও অধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰিছে। কোম্পানীয়ে লগতে ব্যৱসায়ৰ বিভিন্ন সৰঞ্জাম যেনে চিলাই মেচিন, উন্নত পশুপালন আৰু লগতে প্ৰকল্পৰ স্থানত স্থানীয় লোকক কৰ্ম সংস্থাপন প্ৰদান কৰিছে।  ষ্ট্ৰিট লাইট স্থাপন আৰু স্বচ্ছ আৰু সুৰক্ষিত পানীৰ বাবে আৰও প্ৰদান আদি পদক্ষেপেৰে গাঁওসমূহৰ স্থানীয় আন্ত:গাঁঠনি উন্নত কৰা হৈছে। ইয়াৰ ওপৰিও, শিক্ষাৰ্থীসকলৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধাৰ বিকাশৰ লক্ষ্যৰে স্থানীয় বিদ্যালয়সমূহৰ আন্ত:গাঁঠনি উন্নত কৰি ইয়াক স্মাৰ্ট শ্ৰেণীকোঠালৈ ৰূপান্তৰ কৰা হৈছে সক্ষম মাল্টি-মিডিয়া আৰু কম্পিউটাৰ শিক্ষাৰ সংযোজনৰ দ্বাৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা