ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষনীয় হৈ উঠিছে ৬১ নং ধৰ্মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷  তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগীয়া সমষ্টিটৌত দিন ৰাতি একাকাৰ কৰি সমষ্টিটোৰ অলিয়ে -গলিয়ে প্ৰচাৰ অভিযানত নামি পৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ পুনৰবাৰ সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে দিনে নিশাই 
  সমষ্টিটোৰ বিভিন্ন অঞ্চলত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঠায়ে ঠায়ে বিভিন্ন জনে মন্ত্ৰী গৰাকীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে ৷ নিৰ্বাচনী  সভাত মন্ত্ৰী গৰাকীয়ে অহ্বান জনাই 
কয় যে , আজি অসমৰ ১৪ খন জিলা আজমলৰ দখলত ৷ আজমলৰ সপোন কংগ্ৰেছৰ মাধ্যমেৰে পূৰণ হ'ব দিব নালাগে ৷ 
আজমলৰ আগ্ৰাসনৰ পৰা পৰিত্ৰান পাবলৈ অসমীয়া খিলঞ্জীয়া হিন্দু - মুছলামান একত্ৰিত হ'ব লাগিব ৷

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা