বজালীত 'ফাগুনৰ কবিতাৰ চিলা' শীৰ্ষক অনুষ্ঠান সম্পন্ন

সঞ্জীৱ দাস, বজালী, ২১ মাৰ্চঃ বিশ্ব কবিতা দিবসৰ লগত সংগতি ৰাখি আজি অনুৰাগ সাহিত্য আলোচনীয়ে আয়োজন কৰে 'ফাগুনৰ কবিতাৰ চিলা' শীৰ্ষক কাব্যপাঠ আৰু বঁটা প্ৰদান অনুষ্ঠান। পাঠশালা সাহিত্য সভা ভৱনত 'পানীৰ দুৱাৰ' খ্যাত কবি খঞ্জনা শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত বৰপেটাৰ নঞ্জু দত্তক অনুৰাগ সাহিত্য বঁটা, পলী বণিক্য আৰু দীপালিমা দত্তক কাব্যসম্ৰাজ্ঞী বঁটা, ছায়া তালুকদাৰক কাব্য সাধিকা বঁটা, ড° মিজানুৰ ৰহমানক কাব্যপ্ৰাণ বঁটা আৰু কংকনা ঠাকুৰীয়াক নিষ্ঠাবান কাব্যচৰ্চাকাৰী বঁটা প্ৰদান কৰে।বঁটাসমূহ প্ৰদান কৰে অনুৰাগৰ মুখ্য সম্পাদিকা বিজু দাস, সম্পাদিকা বিভা দেৱী আৰু অনুৰাগৰ উপদেষ্টা কাব্যশ্ৰী মীনা তালুকদাৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কাব্যপাঠ অনুষ্ঠানটোত তুতুল মানব,দিব্যজিত বণিক্য,পলী বণিক্য,গোপাল দিহিঙিয়া,মন্দীপ বণিক্য,মিণ্টুল হাজৰিকা,পিনু বৰ্মন , হীৰা দেৱী,জংকি শৰ্মা,বিভাংশু শৰ্মা,অনামিকা ৰায়,মানস ৰঞ্জন,গৰিমা ভৰদ্ধাজ আদি বহুসংখ্যক নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে।উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ চন্দনা পাঠকে তৰুণৰ হাতত অসমীয়া কবিতা প্ৰায় সুৰক্ষিত বুলি কোৱাৰ বিপৰীতে তৰুণ গল্পকাৰৰ সীমিত সংখ্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। তদুপৰি গল্প কবিতা আৰু প্ৰবন্ধৰ শিকলিডালেহে সাহিত্য আৰু ভাষাক তুলি ধৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে।অনুষ্ঠানটোতে বজালীৰ সুসন্তান নবীন কবি প্ৰাঞ্জল তালুকদাৰক তেও গণিত বিষয়ৰ নেট পৰীক্ষাত সৰ্বভাৰতীয় স্তৰত ৪৭ নং ৰেংক তথা গেট পৰীক্ষাত সফলতা লাভ কৰাৰ বাবে অনুৰাগৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। বিজু দাসৰ শলাগৰ শৰাইৰে শেষ হোৱা অনুষ্ঠানটোত বিশিষ্ট কবি সমীৰ তাঁতীৰ প্ৰয়াত পত্নীৰ আত্মাৰ সদ্গতিৰে মৌন প্ৰাৰ্থনাও জনোৱা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা