জাজৰিৰ ভোমোৰাগুৰি পথাৰত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ মাৰ্চঃ প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি দলনি পথাৰৰ পিতনিত বৃহস্পতিবাৰে এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰক লৈ স্থানীয় অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্রে পোৱা খবৰ অনুসৰি, মুৰকে ধৰি দেহৰ বহু অংশ উৱলি যোৱা অচিনাক্ত মৃতদেহটো মাছ ধৰিবলৈ যোৱা স্থানীয় কেইবাগৰাকী মহিলাই মাছ ধৰি থাকোতে পিতনিৰ তলত প্ৰত্যক্ষ কৰি গাঁওবুঢ়াক খৱৰ দিয়ে । লগে লগে গাঁওবুঢ়াই জাজৰি আৰক্ষী থানাত খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, মৃতদেহটো উৱলি যোৱাৰ ফলত চিনাক্ত কৰিব নোৱাৰাৰ হেতু জাজৰি আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা