মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ


অসমত বিজেপি চৰকাৰৰ সকলো ধৰ্মৰ জনসাধাৰণক সম অধিকাৰ প্ৰদান—মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল 


প্ৰতিবেদক , ৰঙিয়া, ২৬ মাৰ্চঃ 
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ লগে লগে অহা ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুঙ্গত উঠিছে। আজি ৰঙিয়াত সন্ধিয়াৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।  । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিয়ে যোৱা পাঁচ বছৰত দুৰ্নীতিত জৰিত বহু বিষয়াক জেললৈ প্ৰেৰণ কৰিছে । এইখন চৰকাৰে যোৱা পাচ বছৰত দুৰ্নীতি মুক্ত অসম গঢ়িবলৈ চেষ্টা কৰি থকাৰ লগতে আগন্তুক দিনতো এই ধাৰা অব্যাহত ৰাখিব  । আনহাতে পৰবৰ্তী চৰকাৰ আহিলে মহিলা সকলক অৰুনোদয় আচঁনিৰ জৰিয়তে  আঠশ' ত্ৰিশ টকাৰ বিপৰীতে  তিনি হেজাৰ টকাকৈ দিয়াৰ উপৰিও দহ লাখ যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া হব বুলি প্ৰতিশ্ৰুতি দিয়ে ।  ইফালে অসমত বিজেপি চৰকাৰখনে সকলো ধৰ্মৰ জনসাধাৰণক সম অধিকাৰ প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী ৰঙিয়াৰ প্ৰাৰ্থী ভৱেশ কলিতাক জয়ী কৰাবলৈ ৰঙিয়াবাসীক আহ্বান জনায়। তেওঁ কংগ্ৰেছ নেতৃত্বাধীন মহাজোটবন্ধনক তীব্ৰ সমালোচনা কৰে। বিশাল নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে সাংসদ দীলিপ শইকীয়া, ভুৱনেশ্বৰ কলিতাৰ লগতে ৰঙিয়াৰ বিধায়ক তথা ৰঙিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা উপস্থিত থাকে । সভাত ভৱেশ কলিতাই এইবাৰ দেৰ লক্ষ্যধিক ভোটৰ ব্যৱধানত জয়ী হব বুলি কয় ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা