বটদ্ৰৱাৰ সংখ্যালঘু এলেকাত কংগ্ৰেছৰ শিৱামনি বৰাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ মাৰ্চঃ বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘূ এলেকাত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোঁটৰ প্ৰাৰ্থী শিৱামনি বৰাই নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ অংশহিচাপে সোমবাৰে প্ৰাৰ্থীগৰাকীয়ে বৰদোৱা থানৰ উত্তৰ-পশ্চিম অঞ্চলৰ টুকটুকী, কটহগুৰি, ৰৌমাৰী, কুসুমবড়ি, দক্ষিণ শিলপুখুৰী, গলাকটা বজাৰ, মাজ-ৰৌমাৰী, খান বস্তি, জানপাৰ, টুকটুকী মেলাৰ পাম, মধ্য টুকটুকী আদিত কুৰি খনৰো অধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ অনুপস্থিত সংখ্যালঘু ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰা এই নিৰ্বাচনী সভাসমূহত প্ৰাৰ্থী শিৱামনি বৰাই বিজেপি দলটোক সংখ্যালঘু বিৰোধী আখ্যা দি কয় যে-কংগ্ৰেছ আহিলেহে অসমত সংখ্যালঘূ ৰাইজৰ লগতে সকলো জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৰে সৰ্বাংগীণ উন্নয়ণ হ’ব ৷ এই নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰাৰ্থীগৰাকীক নগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পাৰ্থ সাৰথি বৰা, বটদ্ৰৱা সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰাগ জ্যোতি কলিতা, বটদ্ৰৱা ব্ল’ক যুৱ কংগ্ৰেছৰ সম্পাদক জুলফিকাৰ হক চৌধৰীকে ধৰি সমষ্টিটোৰ বহুকেইগৰাকী নেতাই সংগদান দিয়ে ৷
Comments
Post a Comment