বঙাইগাঁৱত বিধান সভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কংগ্ৰেছ দলত মোক্ষম আঘাত

দলটোৰ অন্যতম নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদ গিৰিশ বৰুৱাসহ কেইবাজনোৰো দলত্যাগ 


প্ৰাৰ্থিত্ব বাচনিৰ ক্ষেত্ৰত এইবাৰ ৰাজ্যিক নেতৃত্বই  দক্ষতা নহয় ধনবলকহে অধিক গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ 

বঙাইগাঁওঃ ২০ মাৰ্চঃ সমাগত বিধান সভা নিৰ্বাচনৰ এই প্ৰাকমুহুৰ্তত  বঙাইগাঁৱত কংগ্ৰেছ দলত এক মোক্ষম আঘাত হানি আজি দলটোৰ অন্যতম নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰিশ বৰুৱাই দলৰ সকলো পদবীৰ লগতে প্ৰথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে ৷ বঙাইগাঁও বিধান সভা সমষ্টিৰ পৰা বিগত ২০০৬ চনত দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হোৱা গিৰিশ বৰুৱা এইবাৰো প্ৰাৰ্থিত্বৰ অন্যতম শক্তিশালী দাবীদাৰ আছিল ৷ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলোৰে মাজত জনপ্ৰিয়তা থকা নেতাগৰাকীৰ দলত্যাগে কংগ্ৰেছ দলক যে ক্ষতি কৰিব সেয়া নিশ্চিত ৷ ইয়াৰ বিপৰীতে লাভাম্বিত হ'ব আন দলৰ প্ৰাৰ্থী ৷ উল্লেখ্য যে গিৰিশ বৰুৱাই শনিবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত এখন  সংবাদ মেল আয়োজন কৰি কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে ৷ সংবাদ মেলত গিৰিশ বৰুৱাৰ সৈতে দলত্যাগ কৰা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱাশীষ গাংগুলী ,মনমোহন ৰায়, বঙাইগাঁও টাউন ব্লক কংগ্ৰেছৰ উপ সভাপতি উত্তম মণ্ডল , জিলা কংগ্ৰেছৰ সম্পাদক নীৰসিং ৰায়, ডাংতল ব্লক কংগ্ৰছৰ উপ সভাপতি তথা নৰ্থ বইটামাৰী  পঞ্চায়তৰ  প্ৰাক্তন সভাপতি মুকুল বৰুৱা , বঙাইগাঁও জিলা কংগ্ৰেছৰ সম্পাদক প্ৰণৱ চৌধুৰী, বঙাইগাঁও টাউন ব্লক কংগ্ৰেছৰ সম্পাদক প্ৰদীপ ধৰ, বঙাইগাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি ৰোহিত বৰ্মন , উপ সভাপতি ৰাজীৱ ঠাকুৰীয়া , সম্পাদক মনোৰঞ্জন ৰায় , কমল ৰায় , বঙাইগাঁও পৌৰ সভা ব্লক কংগ্ৰেছৰ সদস্য বিশ্বজিৎ বাঢ়ৈ উপস্থিত থকে ৷ আনহাতে  বঙাইগাঁও টাউন ব্লক কংগ্ৰেছৰ সম্পাদক অসীম বাঢ়ৈও দলত্যাগ কৰিছে ৷ ইপিনে দলত্যাগী নেতাগৰাকীয়ে সংবাদ মেলত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বাচনি প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকীৰ দক্ষতা, সাংগঠনিক দিশ আদিৰ পৰিৱৰ্তে অৰ্থনৈতিক দিশটোৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ অৰ্থনৈতিকভাৱে দুৰ্বল প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই ৷ মোকো অৰ্থনৈতিকভাৱে স্বচ্ছল নোহোৱাৰ কাৰণেই প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ৷ নেতাগৰাকীয়ে কয় যে এইবাৰ মুঠ আমি পাঁচ জনে প্ৰাৰ্থিত্বৰ বাবে দাবী জনাইছিলো ৷ মোৰ লগতে শংকৰ প্ৰসাদ ৰায়, শ্যামল নাৰায়ণ দেৱ , জ্যোতিৰ্ময় বৈশ্য আৰু নন্দাৰাণী ঘোষে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলো ৷ শেষত দেখা গ'ল শংকৰ প্ৰসাদ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৷ শংকৰ প্ৰসাদ ৰায়ৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত মোৰ ক'বলগীয়া নাই ৷ প্ৰাৰ্থিত্ব কোনে পাইছে সেইটো কথা নহয় ৷ বৰং প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াটোকলৈহে মই সন্তুষ্ট নহও আৰু মোৰ দুখ ৷ কাৰণ প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াটোৰ সৈতে মই একমত হ'ব নোৱাৰিলো আৰু সমগ্ৰ প্ৰক্ৰিয়াটো মোৰ বাবে গ্ৰহণযোগ্য নহয়৷ কাৰণ অৰ্থনৈতিক দিশত স্বচ্ছল ব্যক্তিসকলকহে প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা কৰিছে ৷ এই প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়াটোত আমাৰ দলৰ উৰ্ধতম কৰ্তৃপক্ষই অৰ্থাৎ সাংসদ আব্দুল খালেকৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈকে সকলোৱে বিশেষকৈ এটা কথাত গুৰুত্ব দিছে আৰু সেয়া হ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশীগৰাকী অৰ্থনৈতি দিশত স্বচ্ছল হ'ব লাগিব ৷ ধনবল থকা সকলকহে প্ৰাৰ্থিত্ব দিয়া দেখা গৈছে ৷ বঙাইগাঁও ইয়াৰ ব্যতিক্ৰম নহয় ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আনৰ আগত কৈছে যে গিৰিশ বৰুৱা ভাল ,কিন্তু তেওঁৰ অৰ্থৰ অভাৱ ৷ সেয়ে কেনেকৈ নিৰ্বাচন খেলিব ? আনহাতে সাংসদ আব্দুল খালেকে মোক নিজেই সুধিছিল নিৰ্বাচন খেলিবলৈ টকা আছে নে নাই ? তেতিয়া মই কৈছিলো যে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ যিখিনি ধন লাগে সেইখিনি ৰাইজৰ দান বৰঙণিৰে পাৰিম বুলি আশা ৰাখিছো ৷ তেওঁলোকে মোৰ গ্ৰহণযোগ্যতা , মোৰ দলৰ প্ৰতি ত্যাগৰ কথা , জনপ্ৰিয়তাৰ কথা, সাংগঠনিক দক্ষতাৰ কথা কোৱা নাই ৷ কেৱল অৰ্থনৈতিকভাৱে দুৰ্বল কাৰণেই মোক প্ৰাথিত্ব নিদিয়া বুলি প্ৰকাশ কৰিছে ৷ সেয়ে মই এই প্ৰক্ৰিয়াটোত দলৰ নেতৃবৃন্দৰ ওপৰত ক্ষোভিত ৷ প্ৰাৰ্থিত্ব দিলেও ধনৰ অভাৱৰ বাবেই মই পৰাজিত হ'ম বাবেই হেনো মোক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বুলিও কয় ৷ 

আনহাতে বঙাইগাঁও জিলা কংগ্ৰেছৰ সাংগঠিক দিশ সন্দৰ্ভত কয় যে আজিৰ তাৰিখত জিলা কংগ্ৰেছৰ সভাপতি এজন নাই যদিও দুজনকৈ কাৰ্যকৰী সভাপতি পাতি থৈছে ৷ দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে কাম কৰিব লাগিছল যদিও কোনেও একো নকৰিলে ৷ ইয়াৰ পিচতো তেওঁলোকে কেৱল প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ধনবলক হে গুৰুত্ব দিয়াত মই আজি ক্ষোভিত ৷ সংবাদ মেলত দলত্যাগী নেতাগৰাকীয়ে প্ৰদেশ কংগ্ৰেছে যে কেৱল ধনবল থকা ব্যক্তিকহে প্ৰাৰ্থিত্ব প্ৰদানত গুৰুত্বাৰোপ কৰিছে তাৰ প্ৰমাণ হিচাপে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ কথা উল্লেখ কৰি কয় যে উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিত এইবাৰ আব্দুল বাতেন খণ্ডকাৰ নামৰ এজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷ আব্দুল বাতেন খণ্ডকাৰ এজন অভিযন্তা আছিল ৷ তেওঁ কি কাম কৰিছে নাজানো, কিন্তু যথেষ্ট ধনবান ব্যক্তি ৷ তেওঁ যোৱাবাৰ প্ৰথমে কংগ্ৰেছত যোগদান কৰিছিল যদিও প্ৰাৰ্থিত্ব নোপোৱাত এআইইউডিএফত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ  হৈছিল ৷ শেহতীয়াকৈ কেইবা মাহমান পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান কৰিছিল আৰু এটা বছৰ নোহোৱা স্বত্বেও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ প্ৰাৰ্থিত্ব পোৱাৰ প্ৰথম অৰ্হতাই হৈছে একমাত্ৰ ধনবল ৷ কোটি কোটি টকা থকাৰ বাবেই প্ৰাৰ্থিত্ব লাভ কৰিছে ৷ বাকী দক্ষ আৰু নিষ্ঠাবান কৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল ৷ ইয়াৰ পৰা প্ৰমাণ হৈছে যে এইবাৰ দলে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত ধনবলক গুৰুত্ব দিছে আৰু তাৰ মই পক্ষপাতি নহও ৷ সেয়ে মই ক্ষোভিত হৈ দলত্যাগ কৰিলো ৷ গিৰিশ বৰুৱাই দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কিহৰ ওপৰত গুৰুত্ব দিছে সেই বিষয়ে ক'ব নাযাও বুলি কৈ তাত মোৰ দ্বিমত নাই বুলিও কয় ৷ 

দলত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদ মেলত আৰু কয় যে  প্ৰাৰ্থিত্ব নাপালেও এইবাৰৰ বিধান সভা নিৰ্বাচনত দলৰ হৈ কাম কৰাৰ মোৰ মানসিকতা আছিল ৷ কিন্তু  যোৱা ১৬ মাৰ্চত শংকৰ প্ৰসাদ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানৰ ঘোষণা কৰা হৈছে যদিও আজিলৈকে তেওঁৰ সৈতে কোনো কথা বতৰা হোৱা নাই আৰু এবাৰ ফোন কৰা নাই ৷ বহুতোৰ সৈতে যোগাযোগ কৰা নাই ৷ তেওঁ যদি প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত ভাবে যে সেই মানুহখিনিৰ প্ৰয়োজন নাই তেতিয়াহলে আমি ইচ্ছাকৃতভাৱে দলত থাকিলে বদনাম হোৱাৰ সম্ভাৱনাই বেছি থাকিব ৷ এই কথাখিনি ইতিমধ্যে প্ৰকাশ কৰিছেই ৷ গতিকে অনাগত দিনত দলৰ কাম নকৰা বুলি অভিযোগ কৰিব আৰু কিবা কাৰণত যদি ফলাফল বেয়া হয় , তেতিয়াহলে তাৰ বাবে গোটেই দোষখিনি মোক আৰু মোৰ সতীৰ্থসকলৰ ওপৰত দিব ৷ দল বিৰোধী কাম কাজত লিপ্ত হোৱা বুলি অভিযোগ কৰিব ৷সেয়ে তাৰ পৰিপ্ৰেক্ষিতত মই অনাগত দিনত নিজক সুৰক্ষিত ৰখাৰ স্বাৰ্থত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদকে ধৰি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলো ৷ আজিৰ পৰা কংগ্ৰেছ দলক সৈতে মোৰ কোনো সম্পৰ্ক নাই ৷ গিৰিশ বৰুৱাই ইতিমধ্যে নিজৰ পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক দাখিল কৰা বুলিও জানিবলৈ দিয়ে ৷ 

বৰুৱাই বৰ্তমান আন কোনো দলত যোগদান কৰাৰ কথা চিন্তা আৰু পৰিকল্পনা কৰা নাই বুলি কৈ কয় যে মই কংগ্ৰেছৰ ৰাষ্ট্ৰীয়তাবাদ , ধৰ্ম নিৰপেক্ষতাবাদৰ লগতে সমাজবাদৰ ওপৰত আজিও বিশ্বাসী ৷ কোনো উগ্ৰ জাতায়তাবাদ , উগ্ৰ ধৰ্মীয়তাবাদৰ লগত মই নাই ৷ তেওঁ ৰাজনৈতিক ভৱিষ্যত সময়ে নিৰ্ধাৰণ কৰিব বুলি কৈ নিজকে সমাজ সেৱাৰ লগত জড়িত ৰখাৰ চেষ্টা কৰিব বুলি কয় ৷ নিজৰ গ্ৰহণযোগ্যতা, দক্ষতা থাকিলে সমাজ সেৱাৰ লগত জড়িত থাকিলেও অনাগত দিনত মই নিজকে বঙাইগাঁওবাসী ৰাইজৰ ওচৰত এজন ৰাজনৈতিক ব্যক্তি হিচাপে প্ৰতিপন্ন কৰিব পাৰিম বুলি কৈ ৰাইজেও আদৰি ল'ব বুলি আশা ব্যক্ত কৰে ৷ বৰুৱাই লগতে কয় যে মোৰ দলত্যাগে দলত প্ৰভাৱ পেলাব নে নেপেলায় সেইটো মই ক'ব নোৱাৰো ৷ কিন্তু মোৰ লগত থকা বহুতে হয়তো কাম নকৰিব ৷ ভোটটো কাৰোবাক নহয় কাৰোবাক দিব ৷ সেয়া তেওঁলোকৰ নিজস্ব কথা ৷ সেই বিষয়ে মই একো নকও ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী টকা লোভী হয় নে নহয় নাজানো বুলি কৈ কয় যে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত কিন্তু এইবাৰ ধনবলক অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ সেইদৰে মুখ্যমন্ত্ৰীৰ সপোন দেখাতো কোনো দোষণীয় কথা নহয় যদিও আজিৰ তাৰিখত ৰিপুন বৰাৰ মুখ্যমন্ত্ৰী হ'ব পৰা জনপ্ৰিয়তা আৰু দক্ষতা নাই ৷

কংগ্ৰেছ দলত্যাগী নেতাগৰাকীয়ে কয় যে ৰিপুন বৰাৰ নেতৃত্ব মই  পূৰ্বেও ভাল পোৱা নাই আৰু এতিয়াও ভাল পোৱা নাই ৷ জিলা কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি ৷ ইয়াত সংগঠন নাই ৷ অথচ তেওঁ এই বিষয়ত কোনো গুৰুত্বই দিয়া নাই ৷ আনহাতে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিচত প্ৰদেশ কংগ্ৰেছৰ কোনো এগৰাকী নেতাই প্ৰাৰ্থিত্ব নোপোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক ফোন কৰি শান্তনা এষাৰো দিয়া নাই বুলি উল্লেখ কৰি কয় যে অন্তত তেওঁলোকৰ কোনোবা এজন নেতাই আপোনালোকক আমি প্ৰাৰ্থিত্ব দিব নোৱাৰিলো যদিও আগলৈ চাম বুলি ক'ব লাগিছিল ৷ লগতে আমাক দলৰ হৈ কাম কৰি যাওক বুলি ক'ব লাগিছিল যদিও কোনেও গুৰুত্বই নিদিলে ৷ তেওঁলোকে আমাৰ কোনো প্ৰয়োজন নাই বুলি অনুভৱ কৰিছে আৰু মইয়ো ভাবো যে তেনেকুৱা নেতাৰ লগত থাকি আমাৰ ৰাজনৈতিক ভৱিষ্যতলৈ অন্ধকাৰ নমাই অনাৰ মই পক্ষপাতি নহও ৷ 

ভাৰতীয় জাতীয় কংগ্ৰেছ দলত বিগত ১৯৯৯ চনৰ পৰা জড়িত হৈ যোৱা  প্ৰায়ে ২২ টা বছৰে দলৰ হৈ নিষ্ঠা আৰু সততাৰে কাম কৰিলো ৷ ২০০৬ চনত দলৰ হৈ বঙাইগাঁও বিধান সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা কৰিছিলো ৷ লগতে বঙাইগাঁৱৰ চুকে কোণে যুৱ কংগ্ৰেছৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে কাম কৰিছিলো ৷ ২০০৬ চনৰ পিচৰ পৰা প্ৰতিবাৰে মই প্ৰাৰ্থিত্বৰ দাবী জনাই আহিছিলো আৰু এইবাৰো প্ৰাৰ্থিত্বৰ দাবী কৰিছিলো যদিও একমাত্ৰ ধন নথকাৰ বাবেই প্ৰাৰ্থিত্ব লাভৰ পৰা মোক বঞ্চিত কৰা হ'ল ৷ পোন্ধৰ বছৰ দলৰ চৰকাৰ আছিল যদিও মই একো এটা লোৱা নাই ৷ কেৱল দলৰ কাম কৰি গৈছিলো ৷ সেয়ে এনে দলত থকাৰ প্ৰশ্নই আহিব নোৱাৰে ৷ নৈতিকতাৰ প্ৰশ্ন  উঠিব ৷ লগতে অনাগত দিনতো মই ভাবিম যে ধন নথকাৰ বাবেই মোক প্ৰাৰ্থিত্ব নিদিব ৷ গতিকে এনে এটা দলত থকা আৰু নথকাতো এটা বিচাৰ্যৰ বিষয় ৷ সেয়ে মই মোৰ বন্ধুসকলৰ লগত আলোচনা কৰি দল ত্যাগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ মোৰ লগত কিমান মানুহ আছে সেইটো মই নকও ৷ কেৱল মই দল ত্যাগ কৰিলো ৷ 

ইপিনে গিৰিশ বৰুৱাৰ দলত্যাগে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিজৰ পথ সুগম কৰি দিলে নেকি বুলি দলত্যাগী নেতাগৰাকীক প্ৰশ্ন কৰাত কয় যে ফণীভূষণ চৌধুৰী জয়ী হ'ব বুলি একেষাৰে ক'ব নোৱাৰি ৷ কাৰণ চৰকাৰত থকাৰ ফলত তেওঁৰ জনপ্ৰিয়তা বহুখিনি লাঘব হৈছে ৷ গতিকে বিৰোধী দলৰ প্ৰাৰ্থীসকলে যদি কৌশল প্ৰয়োগ কৰি আক্ৰমণ কৰিব পাৰে আৰু জনমত যদি আঘাত হানিব পাৰে তেতিয়াহলে ফণীভূষণ চৌধুৰীক পৰাজিত কৰাতো ডাঙৰ কথা নহয় ৷ 
 
আনহাতে দলত্যাগী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱাশীষ গাংগুলীক কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ নেতা শংকৰ প্ৰসাদ ৰায়ে দলৰ কাৰ্যালয়ৰ ওচৰতে শাৰীৰিকভাৱে অপদস্থ কৰা বুলিও অভিযোগ কৰে গাংগুলীয়ে ৷ কিন্তু দলৰ বিষয়বাবত থকাৰ লগতে দলৰ ভাৱমূৰ্তিত প্ৰভাৱ পৰিব বাবে বিষয়টো ৰাজহুৱা কৰা নাছিল বুলি কয় ৷ 
 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা