ৰঙিয়াত নিৰ্বাচনত কৰ্মৰত বিষয়া কৰ্মচাৰীক উন্নতমানৰ খাদ্য যোগান

প্ৰতিবেদক, ৰঙিয়া, ২০ মাৰ্চঃ
আজিৰ পৰা ৰঙিয়া নিৰ্বাচন জিলাত ৰঙিয়া মহকুমা প্ৰশাসনে ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া কমলপুৰ আৰু ৰঙিয়া বিধানসভা নিৰ্বাচনৰ পৰিচালনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰী সকলৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰে ।ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালে দুপৰীয়া ভাগত মহকুমা নিৰ্বাচন বিষয়া হৃদয় কুমাৰ দাস,মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ প্ৰমূখ্যে মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ডাইনিং হলৰ শুভ উদ্বোধন কৰে। অতি সুন্দৰ ভাবে সজাই পৰাই তোলা দুটি ডাইনিং হলত ব্যৱস্থা কৰা খাদ্য যোগানত সুশৃংখল, পৰিপাটি, আৰু খাদ্যৰ সুস্বাদুৰ বাবে খাদ্য গ্ৰহণ কৰা বিষয়া কৰ্মচাৰী সকলে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পাল আই.এ.এছৰ শলাগ লয়।বিশেষকৈ ভোজনত যোগান ধৰা উন্নতমানৰ চাউলৰ ভাত, দাইল, চব্জি - তৰকাৰী, পাপৰ, মাংস, নেমু টেঙা আদিৰ যোগানে আহাৰ গ্ৰহণকাৰী সকলক উৎফুল্লিত কৰে।আনহাতে মহকুমাটোৰ  বিভিন্ন  বিভাগৰ পৰা আহি নিৰ্বাচনী দায়িত্ব পালন কৰি থকা বিষয়া কৰ্মচাৰীসকলক মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালে যি অভ্যৰ্থনা আগবঢ়ালে  তাৰ বাবে ৰঙিয়া আঞ্চলিক কৰ্মচাৰী পৰিষদ তথা ৰঙিয়া জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সাধাৰন সম্পাদক লৱ কুমাৰ দাসে কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা