ডিছকভাৰী লৈ আহিছে ‘ইনছাইড দি বাৰ্ণিং’— ২০২০-ৰ কুখ্যাত বাঘজান গেছ লীক ঘটনাৰ তদন্ত



ষ্টাফৰিপোৰ্টাৰ, যিবোৰ ঘটনা ভৱিষ্যতক ৰূপ দিয়ে, প্ৰভাৱিত কৰে আৰু ভৱিষ্যতৰ কাম আগবাঢ়ি থকাৰ লগে-লগে তাত শুধৰণিৰ দৰকাৰ পৰিলে সেয়া কৰি থাকে, তেনে ঘটনাৰ কাহিনী কৈ থাকে ভাৰতৰ প্ৰথম তথা আগশাৰীৰ ৰিয়েল-লাইফ এণ্টাৰটেইনমেণ্ট নেটৱৰ্ক ডিছকভাৰী। এতিয়া এই চেনেলে নিজৰ দৰ্শকসকলৰ কাৰণে আন এটা উত্তেজনা-পূৰ্ণ ডকুছিৰিজ লৈ আহিছে। যাৰ নাম ‘ইনছাইড দি বাৰ্ণিং’। এই ছিৰিজৰ প্ৰিমিয়াৰ হৈছিল ১৩ আৰু ১৪ মাৰ্চ ২০২১,ত সন্ধিয়া ৭:৩০ বজাত ডিছকভাৰী চেনেল আৰু ডিছকভাৰী+ ষ্ট্ৰীমিং প্লেটফৰ্মত। 
মহামাৰীৰ সময়ত অসমৰ নিজান পৰিৱেশত হঠাতে ২৭ মে ২০২০ ত বাঘজান তেলকূপৰপৰা গেছ নিৰ্গমনৰ ঘটনা ঘটিছিল। যি ঘটনা মহামাৰীৰ সংকটৰ লগত যুঁজি থকা সমগ্ৰ দেশক জোকাৰি পেলাইছিল। এই ঘটনাত মানুহৰ মৃত্যু হোৱাৰ লগতে পৰিৱেশ আৰু বন্যপ্ৰাণীৰো ব্যাপক ক্ষতি হৈছে। ‘ইনছাইড দি বাৰ্ণিং’ হ’ল এটা তদন্তমূলক তথ্যচিত্ৰ। ইয়াত সেইসকলৰ নাৰী-পুৰুষৰ দৃষ্টিভংগী দি অবিশ্বাস্য এই বিপৰ্যয়ৰ কথা বৰ্ণনা কৰা হৈছে যিসকলে সেই ঘটনাৰ একেবাৰে সন্মুখত উপস্থিত আছিল। দুই পৰ্বৰ এই তথ্যচিত্ৰত সেইসকল অগ্নি-নিৰ্বাপন কৰ্মী, ইঞ্জিনীয়াৰ আৰু টেকনিশ্বিয়েনসকলৰ কথা কোৱা হৈছে, যিসকলে দিনে-ৰাতি অবিৰাম কাম কৰি গৈছে আৰু অপূৰণীয় কোনো ক্ষতি যাতে হৈ নাযায় তাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি কাম কৰিছে। লগতে উদ্ধাৰ কাৰ্যত  (অইল ইণ্ডিয়া লিমিটেড) যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ উপৰতো আলোকপাত কৰা হৈছে।  

০৫ নম্বৰ তেলকূপৰ ভিতৰত কেনেকৈ কাম হয় সেয়া গ্ৰাফিক ইলাষ্ট্ৰেশ্বনৰ জৰিয়তে দেখুওৱা হৈছে। যিবোৰ টেকনিকেল কাৰণত গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হোৱাৰ পৰিণামত ৯ জুন, ২০২০ত বিৰাট বিস্ফোৰণ হৈছিল, তাৰে এখন এক্স-ৰে দৃশ্য দৰ্শকসকলে এই তথ্যচিত্ৰত দেখা পাব। এইবোৰ তৈলক্ষেত্ৰ কেনেকৈ আৱিষ্কৃত হৈছিল, ভাৰতৰ অগ্ৰগতিত এইবোৰ কি ভূমিকা পালন কৰিছে আৰু আমাৰ দেশৰ জীৱনধাৰা হিচাপে ইয়াৰ কিমান গুৰুত্ব, সেই সকলোবোৰ কথা এই তথ্যচিত্ৰত আলোচিত হৈছে। আৰক্ষী, জিলা প্ৰশাসন, ভাৰতীয় সেনা, বায়ুসেনাৰ সাহায্য লৈ অইল-ৰ টীম কেনেকৈ উদ্ধাৰ কাৰ্য চলাইছিল আৰু গেছ নিৰ্গমনক নিয়ন্ত্ৰণ কৰিবলৈ অ অন জি চি-অইল-ৰ টীম আৰু অন্যান্য সেৱা প্ৰদানকাৰীয়ে কেনেকৈ চৰকাৰ তথা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সাহায্য লৈ পৰিকল্পনা প্ৰস্তুত কৰি চেষ্টা চলাইছিল, সেইবোৰ দিশো ইয়াত উন্মোচিত হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা