নিৰ্বাচনী ৰণ দুন্দুভি বজাই বেবেজীয়াত বিজেপিৰ কাৰ্যালয় মুকলি ৰূপক শৰ্মাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ মাৰ্চঃ নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ সমাগত নিৰ্বাচনৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই দেওঁবাৰে সমষ্টিটোৰ বেবেজীয়া চাৰিআলিত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মা, নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি দিগন্ত কুমাৰ ডেকা, বেবেজীয়া-ডিমৌ-বাংথাই পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ সভাপতি বীৰসিং নাথ, অগপৰ নগাঁও বিধান পৰিষদৰ সাধাৰণ সম্পাদক দণ্ডধৰ হাজৰিকা, বেবেজীয়া-ডিমৌ-বাংথাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ, হুজ ৰঙাগড়া পঞ্চায়তৰ সভানেত্ৰী ফাতেমা বিবি, বেবেজীয়া-ডিমৌ-বাংথাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তপন কুমাৰ বৰদলৈকে ধৰি মিত্ৰজোঁটৰ বিভিন্ন নেতা-কৰ্মী আৰু উপস্থিত ভোটদাতা ৰাইজৰ আগত  নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি কয় যে--মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমখন বহুদূৰ আগুৱাই লৈ গৈছে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদৰ্শ পুৰুষ ৷ আমাতকৈ জ্যেষ্ঠ আৰু কৰ্মোদ্যমী ৷ তেওঁ যেনেকৈ জালুকবাৰী সমষ্টিত বহুত কাম কৰিলে মইও আমাৰ নগাঁওখনক অসমৰ ভিতৰতে জিলিকাবলৈ বিচাৰিছোঁ ৷ ইতিমধ্যে নগাঁৱৰ সকলোবোৰ ৰাস্তা-ঘাটৰ কাম কৰা হৈছে ৷ কতো কোনো এটা নামঘৰ নাই যত আমি উন্নয়নৰ বাবে হাত উজান দিয়া নাই ৷ বেবেজীয়া অঞ্চলটোকো সকলোদিশৰ পৰাই সজাই তুলিম বুলি ঘোষণা কৰি ৰূপক শৰ্মাই পুনৰ লগতে কয়--কংগ্ৰছে এতিয়া নতুনকৈ সংগঠন বনাব লাগিব ৷ তাৰ পিছতহে অহাবাৰ নিৰ্বাচন খেলিব পাৰিব ৷ কংগ্ৰেছত ইতিমধ্যে ধলফাট দিয়াটো সকলোৱে দেখা বুলি উল্লেখ কৰি শৰ্মাই আচল চিনেমাখন অহা পাঁচ বছৰত ৰাইজক চাবৰ বাবে আহ্বান জনাই ৷ কাম কৰিছোঁ কাম কৰি যাম আৰু কেতিয়াও জিৰণি নলও বুলি মন্তব্য কৰি শৰ্মাই নগাঁওখনক "আই এম নগাঁও" পৰিৱৰ্তে "আমাৰ নগাঁও আমাৰ গৌৰৱ" বুলি ক’বলৈ বেয়া নেপাও বুলি তাৎপৰ্যপূৰ্ণ অভিমত ব্যক্ত কৰে ৷ তদুপৰি আওপকীয়াকৈ তেওঁ কংগ্ৰেছৰ এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনকো ভ্ৰক্ৰুটি কৰে ৷ এইবাৰো বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দোহাৰি শৰ্মাই ডিমৌৰ পৰা বেবেজীয়ালৈ প্ৰবেশ কৰা বাইপাছৰ সমীপতে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই এখন সৰ্বাঙ্গসুন্দৰ তোৰণ নিৰ্মাণৰ কথাও ঘোষণা কৰে ৷ উল্লেখযোগ্য যে, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত কংগ্ৰেছী বস্ত্ৰ ত্যাগ কৰি গেৰুৱা বসন পিন্ধি আগন্তুক নিৰ্বাচনত নগাঁও বিজেপিক এশ শতাংশই জয়ী কৰি অনাৰ স্বাৰ্থত প্ৰায় তিনিকুৰি লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ লগে লগে ৰূপক শৰ্মাই সকলোকে দলীয় টুপি আৰু একোখনকৈ গামোচা পিন্ধাই দললৈ আদৰণি জনায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা